পুনৰ ১৫ মে’লৈ বন্ধ দেশৰ সকলো দৰ্শনস্থলী

পুনৰ ১৫ মে’লৈ বন্ধ দেশৰ সকলো দৰ্শনস্থলী

দেশত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ সময়তে বৃহস্পতিবাৰে ভাৰতীয় পুৰাতত্ত আৰু জৰীপ (এএছআই) বিভাগৰ অধীনত সকলো স্মৃতিশৌধ, সংগ্ৰহালয় আদি তাৎক্ষণিকভাৱে ১৫ মে’লৈ বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

প্ৰায় ৩,৬৯৩ টা স্মৃতিশৌধ আৰু ৫০ টা সংগ্ৰহালয় বন্ধ ৰখাৰ কথা টুইটাৰযোগে সদৰী কৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী প্ৰহ্লাদ পেটেলে।

পুৰী জগন্নাথ মন্দিৰ আৰু সোমনাথ মন্দিৰৰ আদিত নিত্যনৈমিত্তিক পূজা’ অনুষ্ঠিত কৰা হ’ব কিন্তু গণ সমাৱেশৰ অনুমতি দিয়া নহ’ব বুলি মন্ত্ৰালয়ৰ মিডিয়া উপদেষ্টা নীতিন ত্ৰিপাঠীয়ে জনায়।

উল্লেখ্য যে, বিগত বৰ্ষৰ ক’ৰোনাৰ বাবে এইসমূহ স্মৃতিশৌধ, সংগ্ৰহালয় আদি বন্ধ ৰখা হৈছিল যদিও লকডাউন শিথিল কৰাত পুনৰ জুলাই মাহৰ পৰা দৰ্শনাৰ্থীসকলৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে মুকলি কৰা হৈছিল।

Shahnawaz Hamza