চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

চাহ শ্ৰমিকৰ মাজত ব্যতিক্ৰমী ৰূপত আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্ত

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে দলীয় নেতা-কৰ্মী, প্ৰাৰ্থীৰ। অনুৰূপ দৃশ্য ১০৩ নং আমগুৰি বিধান সভা সমষ্টিতো। তাৰ মাজতে এক ব্যতিক্ৰমী পৰিবেশত দেখা গ’ল আমগুৰিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অংকিতা দত্তক।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে গাড়ীৰে গৈ থকাৰ মাজতে হঠাতে গাড়ী ৰখাই একাংশ চাহ শ্ৰমিকৰ মাজত সোমায় পৰিল অংকিতা।

৬১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ বৰবাম চাহ বাগিছাৰ মাজত দেউতাক প্ৰয়াত অঞ্জন দত্তৰ কথা সোঁৱৰি হাতৰ চিনত ভোট দিবৰ বাবে চাহ শ্ৰমিকসকলক কৰযোৰে আহ্বান জনালে প্ৰাৰ্থীগৰাকীয়ে।

লগতে মহিলা চাহ শ্ৰমিকসকলৰ সৈতে ফটোও তুলিলে তেওঁ। অংকিতাৰ সৈতে উপস্থিত আছিল NSUI ৰ সমন্বয়ক চিয়া মিনুছা ।

উল্লেখ্য যে আমগুৰি সমষ্টিৰ ৮ খনকৈ চাহ বাগিছাৰ প্ৰায় ২৭ হাজাৰ ভোটাৰে এই নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব।

GTM Desk

Related