উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সপ্তম স্থান বিভাজ কাফ্লেৰ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত সপ্তম স্থান বিভাজ কাফ্লেৰ

ৰঙাপাৰা, 25 জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰে বিভাচ কাফ্লেয়ে ৷ তেজপুৰস্থিত ডাইমণ্ড চণ্ড একাডেমীৰ ছাত্ৰ আছিল বিভাচ ৷ অসমৰ ভিতৰতে বিজ্ঞান শাখাত মুঠ ৪৭৬ নম্বৰ লাভ কৰি সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় বিভাজ কাফ্লে । শোণিতপুৰৰ ঠেলামৰাৰ নিবাসী তথা প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰমেশ কাফ্লেৰ পুত্ৰ বিভাচ কাফ্লেৰ এই কৃতিত্বত আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।

অসমৰ ভিতৰতে বিজ্ঞান শাখাত মুঠ ৪৭৬ নম্বৰ লাভ কৰি সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় বিভাজ কাফ্লে ।

GTM Desk