ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ গুৱাহাটীত পদ খালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ (আইআইই) গুৱাহাটীত ৭টা বিভিন্ন বিভাগৰ খালী পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ লীড, মেণ্টাৰ, ছিনিয়ৰ এগজিকিউটিভ আৰু ডাটা এণ্ড্রী অপাৰেটৰ পদসমূহ খালী হৈ আছে৷ আগ্রহী আৰু অর্হতাসম্পন্ন প্রার্থীসকলে আবেদন জনাব পাৰিব৷ লীড প্রজেক্টৰ খালী পদ ১টা৷ প্রার্থীসকলক মাহিলি ৩৯ হাজাৰ টকাৰ পৰা ৪৩ হাজাৰ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকল মেনেজমেণ্ট, ৰুৰেল মেনেজমেণ্ট/ছ’চিয়েল ৱর্ক বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীসকলৰ এই বিষয়ত কমেও ৩ৰ পৰা ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স ৩০ৰ পৰা ৪৫ বছৰ হ’ব লাগিব৷ মেণ্টৰৰ খালী পদ ১টা, নিযুক্তিপ্রাপ্ত প্রার্থীক মাহিলি ৩৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা দৰমহা দিয়া হ’ব৷ প্রজেক্টৰ ক্ষেত্র অৰুণাচল প্রদেশ৷ এই পদৰ বাবে প্রার্থী মেনেজমেণ্ট/ৰুৰেল মেনেজমেণ্ট/ছ’চিয়েল ৱর্কত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীসকলৰ কম্পিউটাৰ লিটাৰেচী, ডাটা এনালাইছিছৰ দক্ষতা থকাৰ লগতে ইংৰাজী আৰু হিন্দীৰ জ্ঞান থকা প্রয়োজন৷ প্রার্থীৰ বয়স হ’ব লাগিব ৩০ৰ পৰা ৪৫ বছৰ৷ ছিনিয়ৰ এগজিকিউটিভ প্রজেক্টৰ খালী পদ ৩টা৷ প্রার্থীসকলক মাহিলি ২৯ হাজাৰ টকাৰ পৰা ৪০ হাজাৰ টকা দৰমহা দিয়া হ’ব৷ প্রার্থীসকল মেনেজমেণ্ট/ৰুৰেল মেনেজমেণ্ট/ছ’চিয়েল ৱর্কত স্নাতক/স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীসকলৰ এনে প্রজেক্টত চাৰি–পাঁচ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স হ’ব লাগিব ৩০ৰ পৰা ৪৫ বছৰ৷ ডাটা এণ্ড্রী অপাৰেটৰৰ খালী পদ ২টা৷ প্রার্থীসকলক ১৩,৮০০ টকাৰ পৰা ১৭,২০০ টকা মাহিলি দৰমহা দিয়া হ’ব৷ প্রার্থীসকল কমেও উচ্চতৰ মাধ্যমিক উত্তীর্ণ হোৱা হ’ব লাগিব৷ তেওঁলোকৰ দুবছৰ ডাটা এণ্ড্রী অপাৰেটৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ প্রার্থীৰ বয়স হ’ব লাগিব ২৫ৰ পৰা ৩৫ বছৰ৷ আগ্রহী আৰু অর্হতাসম্পন্ন আইআইই, গুৱাহাটীৰ ঠিকনাত আবেদন জনাব লাগিব৷ আবেদন পঠিওৱাৰ ঠিকনা – দ্য এডমিনিষ্ট্রেটিভ অফিচাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্রিনিউৰশ্বিপ লালমাটি, বশিষ্ঠ চাৰিআলি, গুৱাহাটী–২৯, অসম৷ আবেদন পঠিওৱাৰ অন্তিম তাৰিখ ৫ ডিচেম্বৰ৷

GTM Desk