Advertisement

নগাঁৱৰ ঘাঁহী আৰু চমুৱাগাঁৱত সুধাকণ্ঠৰ ৯৮সংখ্যক জন্মদিৱস উদযাপন

নগাঁৱৰ ঘাঁহী আৰু চমুৱাগাঁৱত সুধাকণ্ঠৰ ৯৮সংখ্যক জন্মদিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ:-নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত বিশ্ব বৰেণ্য শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ৯৮সংখ্যক জন্মদিৱসটি ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে ঘাঁহী-ম’হমৰীয়া আঞ্চলিক হাইস্কুলত অনুষ্ঠিত কাৰ্যসচীৰ অংশ ৰূপে শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাই পুৱা ৮:৪৫ বজাত শাখাৰ সভাপতি হৰেন বৰাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছতে ৯ বজাত ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূর্তিত মুখ্য তর্পকৰূপে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ভদ্রকান্ত দাসে। ইয়াৰ পিছতে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই। সভাত নগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সম্পাদক তথা আঞ্চলিক সম্পাদকদ্বয় যতীন্দ্র নাথ সূত,মৃণাল হাজৰিকা আৰু বৰ্তমান নগাঁও আঞ্চলিক কার্যালয়ৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন,সংগীত আৰু তেখেতে কৰা সকলো কাৰ্য সন্দৰ্ভত বিশদভাবে ব্যাখ্যা দাঙি ধৰে। জিলা তথা শাখাৰ সম্পাদকদ্বয় ৰেৱত কুমাৰ হাজৰিকা আৰু ৰেব কান্ত দাসে আঁ‌ত ধৰা অনুষ্ঠানটোত শাখাটোৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সমাজকৰ্মী বল্লদেৱ শৰ্মাই শাখাৰ পত্ৰিকা সম্পাদক তৰুণ চন্দ্ৰ বৰাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক “মানুহে মানুহৰ বাবে” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে। সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খয়াৰ আহমেদ,মাহেকীয়া বাৰ্তালোচনী ”ৰণাংগন”ৰ সম্পাদক মিণ্টু দাস, জিলা সহ-সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, কাৰ্যালয় সম্পাদক অধৰ ঠাকুৰীয়া, জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন শাখাৰ সভাপতি-সম্পাদক,প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে হাইস্কুলখনৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য যে,এই অনুষ্ঠানৰ পিছতে ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৯৮ গছি বন্তি প্ৰজ্বলনৰে সুধাকণ্ঠৰ ওপজাদিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে। ইপিনে,হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয় আৰু সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উদ্যোগতো “ভূপেনদা স্মৰণ” কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা ৯ বজাত চমুৱাগাঁ‌ৱৰ এপ্ৰিলতল তিনিআলিৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এখনি শ্ৰদ্ধাঞ্জলি সভাত ড° ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক পৱিত্ৰ জন্মতিথিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয় আৰু সোণাইপৰীয়া শাখা সন্মিলনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।বিদ্যালয়ৰ চৌহদত থকা প্ৰতিমূৰ্তিত এগচি বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ উপদেষ্টা ভৱেন মেধি আৰু মাল্যপ্ৰদান কৰে সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰীয়ে।

বিদ্যালয়ৰ সম্পাদক অজিত বৰাই আঁ‌ত ধৰা সভাখনিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱক সকলৰ উপৰিও অঞ্চলৰ বহু কেইগৰাকী গণ্য-মান্য লোক উপস্থিত থাকে। অনুষ্ঠানৰ শেষত সকলোৱে ভুপেন হাজৰিকাদেৱৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশনৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related