চৰাইদেউ জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

চৰাইদেউ জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

চৰাইদেউ, ১০ ছেপ্টেম্বৰ: চৰাইদেউ জিলাত আগন্তুক ১৫ আৰু ২৯ ছেপ্টেম্বৰ তথা ২৭ অক্টোবৰ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিতব্য অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়াটি স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্ৰুটিহীনভাবে অনুষ্ঠিত কৰাৰ হকে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতিমূলক পদক্ষেপসমূহ গ্ৰহণ কৰিছে।

জিলাখনত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি পৰীক্ষা নিয়াৰিকৈ তথা সুকলমে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসনে যোৱা ৮ ছেপ্টেম্বৰত জাৰি কৰা এক অধিসূচনা মৰ্মে ২৪ ঘণ্টাই সক্ৰিয় থকাকৈ এক জিলা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। জিলা নিয়ন্ত্ৰণ কক্ষৰ মোবাইল নম্বৰ ৬০০২৬৭০৫০১ ত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰয়োজনীয় সাহায্য, জিজ্ঞাসা বা ওজৰ আপত্তি থাকিলে যোগাযোগ কৰিব পাৰিব।

Shahnawaz Hamza

Related