শিৱসাগৰত এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকতৰ পোষ্ট দি বিপদত মহিলা…

শিৱসাগৰত এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকতৰ পোষ্ট দি বিপদত মহিলা…

অসম চৰকাৰে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগীয়া এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকত ফেচবুকত পোষ্ট দি বিপদত এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম ৰশ্মি গগৈ বুলি জানিব পৰা গৈছে> শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ৰশ্মি গগৈক। জিলাখনৰ নামতি অঞ্চলত মহিলা গৰাকীক আটক কৰি সোধ-পোছ কৰে আৰক্ষীয়ে।

সোধপোছৰ অন্তত উক্ত পোষ্ট ভুৱা হিচাপে প্ৰমাণিত হোৱাৰ লগতে মহিলা গৰাকীয়ে পোষ্ট কৰা প্ৰশ্ন কাকত ২০২২ বৰ্ষৰ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। উক্ত প্ৰশ্ন কাকত এ ডি আৰ ই পৰীক্ষাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি আৰক্ষী তদন্তত প্ৰমাণিত হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আইনগত ভাৱে বিহিত ব্যৱস্থা লয় যদিও মহিলাগৰাকীৰ দুই মহীয়া শিশুৰ মাতৃ হোৱাৰ হেতুকে জামিনত মুকলি কৰি দিয়ে। মহিলা গৰাকীয়ে তেওঁৰ পোষ্টটো ফেচবুকৰ পৰা ইতিমধ্যে কৰ্তন কৰে ৷ ঘটনাৰ সবিশেষ শিৱসাগৰ আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

GTM Desk

Related