দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান, অসমৰ বাবে ৭১৬ কোটি টকা

দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান, অসমৰ বাবে ৭১৬ কোটি টকা

কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ আৰ্থিক অনুদান মোকলাই দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭১৬ কোটি টকাৰ আৰ্থিক অনুদান মোকলাই দিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহাৰ্য পুঁজিৰ পৰা ১৪খন ৰাজ্যৰ বাবে সৰ্বমুঠ ৫,৮৫৮.৬০ কোটি টকা ধন মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে। এই অনুসৰি অসমৰ এছ ডি আৰ এফৰ বাবে ৭১৬ কোটি টকাৰ অনুদান আগবঢ়াইছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মণিপুৰৰ বানপীড়িত ৰাজ্যসমূহত আই এম চি টি প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰি শেহতীয়াকৈ বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত বিহাৰ আৰু পশ্চিম বংগত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যায়ন কৰাৰ বাবে অতি সোনকালেই আইএমচিটি প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আই এম চি টিৰ মূল্যাঙ্কন প্ৰতিবেদন লাভ কৰাৰ পিছত প্ৰক্ৰিয়া অনুসৰি, দুৰ্যোগ প্ৰভাৱন্বিত ৰাজ্যবোৰলৈ এন ডি আৰ এফৰ পৰা অতিৰিক্ত বিত্তীয় সাহায্য অনুমোদন কৰা হ’ব বুলি এক বিজ্ঞপ্তিত উল্লেখ কৰে।

গৃহ মন্ত্ৰালয়ে আগবঢ়োৱা অনুদানৰ পৰিমাণ এনেধৰণৰ- মহাৰাষ্ট্ৰলৈ ১৪৯২ কোটি টকা, অন্ধ্ৰপ্ৰদেশলৈ ১০৩৬ কোটি টকা, অসমলৈ ৭১৬ কোটি টকা, বিহাৰলৈ ৬৫৫.৬০ কোটি টকা। একেদৰে গুজৰাটলৈ ৬০০ কোটি টকা, হিমাচল প্ৰদেশলৈ ১৮৯.২০ কোটি টকা, কেৰালালৈ ১৪৫.৬০ কোটি টকা।

ইয়াৰ উপৰি মণিপুৰলৈ ৫০ কোটি টকা, মিজোৰামলৈ ২১.৬০ কোটি টকা, নাগালেণ্ডলৈ ১৯.২০ কোটি টকা, ছিকিমলৈ ২৩.৬০ কোটি টকা, তেলেংগানালৈ ৪১৬.৮০ কোটি টকা, ত্ৰিপুৰালৈ ২৫ কোটি টকা আৰু পশ্চিম বংগলৈ ৪৬৮ কোটি টকাৰ সাহাৰ্য আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে।

GTM Desk

Related