গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লাষ্টগে’টৰ ছুৰিকাঘাতৰ ঘটনাৰ ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আহিছে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ঘাতক ভূপেন দাসে চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলায়। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ভূপেন দাস। ইতিমধ্যে মৃত্যু হৈছে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ।

খবৰ অনুসৰি, ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। কিন্তু ভূপেন দাস আছিল বিবাহিত। শেহতীয়াকৈ মৌচুমীয়ে ভূপেন বিবাহিত বুলি জানিব পাৰিছিল। তাৰ পিছতে ভূপেনৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে। এই কথাক লৈ ক্ষুণ্ণ হৈ পৰিছিল ভূপেন। যাৰ বাবেই হয়তো ভূপেনে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা।

ঘাতক ভূপেন দাস দুটা সন্তানৰ পিতৃ। নলবাৰীৰ সৰিয়হতলীত ঘৰ ভূপেন দাসৰ। ভূপেন দাসৰ পাৰ্চত উদ্ধাৰ হৈছে মৌচুমী গগৈৰ কেইবাখনো ফটো। পেছাত কেব চালক ভূপেন দাস।

উল্লেখযোগ্য যে আজি পুৱা মৌচুমীয়ে ৰেপিড’ৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ছুৰীৰে আক্ৰমণ চলায় ভূপেনে। এখন বগা ৰঙৰ ছুইফ্ট ডিজায়াৰ বাহনেৰে আহি মৌচুমীক উপৰ্যুপৰি ছুৰীৰে আক্ৰমণ কৰে ভূপেনে। লাষ্টগে’টৰ নাহৰণি পথত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা। তাৰ পিছতে সেই ঠাইৰ পৰা আঁতৰি গৈছিল ভূপেন। গুৰুতৰভাৱে আহত মৌচুমীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কিন্তু হাস্পতালত মৃত্যুক আঁকোৱালি লয় যুৱতীগৰাকীয়ে।

ইফালে, এই ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা চলায় ভূপেন দাসে। চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে ভূপেন দাস।

Desk Admin

Related