সোণাপুৰ: যুৱতীক ধৰ্ষণ কৰি হত্যা
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে সোণাপুৰত সংঘটিত হৈছে জঘন্য ঘটনা।
সোণাপুৰত পোহৰলৈ আহিছে কিশোৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা কৰি ডিগাৰু নৈত পেলাই দিছিল বাবুল টুমুং নামৰ পাষণ্ডইটোৱে। উল্লেখ্য যে
উল্লেখ্য যে, ২৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী । তাৰ পিছত ৩০ জুন অৰ্থাৎ শুকুৰবাৰে সোণাপুৰ ডিগাৰু নৈত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ আৰু তাৰ পিছতেই পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ তথ্য । ঘটনাৰ পিছতে আৰক্ষীৰ তদন্তৰ অন্তত জঘন্য কাণ্ড সংঘটিত কৰা ধৰ্ষণকাৰী বাবুল টুমুংক আৰক্ষীয়ে আটক কৰে।