ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল ৰেফাৰীত স্থান পালে গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰী

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল ৰেফাৰীত স্থান পালে গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰী

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰেফাৰীৰ শাৰীত এইবাৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰীয়ে ৷ সুদক্ষ ফুটবল খেলুৱৈ প্ৰেম নাৰ্জাৰীয়ে অসমৰ হৈ জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেণ্টত প্ৰতিনিধিত্ব কৰাৰ পিছত ২০১৬ চনৰ পৰা ফুটবল ৰেফাৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে ৷ পৰবৰ্তী সময়ত অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডোৰ ক্লাছ’ ওৱান ৰেফাৰী শাৰীত থকা প্ৰেম নাৰ্জাৰীয়ে বৰদলৈ ট্ৰফীৰ উপৰি কেইবাখনো আগশাৰীৰ ফুটবল টুৰ্নামেণ্টত ৰেফাৰী হিচাপে নিজৰ পৰিচয় জিনিবলৈ সক্ষম হয় ৷ আনহাতে চৰকাৰী চাকৰীৰ অপেক্ষা নকৰি জীৱিকাৰ উৎস হিচাপে ই-ৰিস্কা চলায় পৰিয়ালটোক পোহপাল দি আহিছে নাৰ্জাৰীয়ে ৷ দৰিদ্ৰতা নেওচি নিজৰ লক্ষ্য স্থানত উপনিত হোৱাৰ অদম্য সাহস আৰু উৎসাহৰে নিজকে আজি সুখি অনুভৱ কৰিছে প্ৰেম নাৰ্জাৰীয়ে ৷

GTM Desk