অসমৰ তবলা বাদক হিমাচল প্ৰদেশৰ ভয়ঙ্কৰ দুৰ্যোগৰ আৱদ্ধ

অসমৰ তবলা বাদক হিমাচল প্ৰদেশৰ ভয়ঙ্কৰ দুৰ্যোগৰ আৱদ্ধ

হিমাচল প্ৰদেশৰ কচৌলী নামৰ এক স্থানত ১৯ জুন তাৰিখৰ পৰা পাৰৱেজ হুচেইনৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ এক তবলা কৰ্মশালাত ভাগ লবলৈ যোৱা অসমৰ নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত।

আজি পৰিৱেশ কিছু উন্নত হোৱাৰ বাবে যাতায়ত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ পৰা যাতায়ত কৰিবলৈ সক্ষম হৈছে।

নিৰঞ্জন শইকীয়া আজি যাত্ৰীবাহী বাছেৰে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰি বেয়া পথৰ বাবে ভোজ নামৰ ঠাইত ৰাষ্ট্ৰীয় পথৰ ওপৰত আৱদ্ধ হৈ আছে। যোৱা চাৰি-পাঁচ দিনে প্ৰকৃতিৰ ভয়ানক ধ্বংসলীলাৰ মাজত আৱদ্ধ যথেষ্ট বিপদত পৰিছে শইকীয়াসহ আন লোক।

আজি হিমাচল প্ৰদেশৰ পৰা নিৰঞ্জন শইকীয়াই প্ৰেৰণ কৰা কিছু দৃশ‍্য আৰু বিৱৰণ।

GTM Desk