গুৱাহাটীৰ মহিলা নিৰুদ্দেশ বাংগালুৰুত!

গুৱাহাটীৰ মহিলা নিৰুদ্দেশ বাংগালুৰুত!

বাংগালুৰুত সংগঠিত হৈছে এক আচৰিত ঘটনা। গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

৫ বছৰ পূৰ্বে কুঞ্জলতা দাস বিবাহপাশত আবদ্ধ হৈছিল চাবিৰ আলীৰ সৈতে। বিয়াৰ পাছত কুঞ্জলতা দাসে নাম লৈছিল আৰিফা বেগম। জানিব পৰা মতে, বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে কুঞ্জলতা দাস(আৰিফা বেগম)।

মহিলাগৰাকীক বিক্ৰী অথবা হত্যা কৰা বুলি সন্দেহ কৰিছে মহিলাগৰাকী়েৰ ভাতৃয়ে ৷ চাবিৰ আলী আৰু পৰিয়ালৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ ।

১৫ বছৰ বয়সতে চাবিৰে পলুৱাই বিয়া পাতিছিল কুঞ্জলতাক। বিয়াৰ পাছৰে পৰা কুঞ্জলতাক অত্যাচাৰ কৰাৰ অভিযোগ চাবিৰৰ বিৰুদ্ধে। শেহতীয়াকৈ এমাহ পূৰ্বে চাবিৰে বাংগালুৰুলৈ লৈ গৈছিল কুঞ্জলতাক। কিন্তু বাংগালুৰুৰ পৰা কুঞ্জলতাক ঘুৰাই নানিলে চাবিৰে৷

কুঞ্জলতাক বাংগালুৰুত হত্যা অথবা বিক্ৰী কৰাৰ অভিযোগ উঠিছে চাবিৰৰ বিৰুদ্ধে। ইতিমধ্যে কুঞ্জলতাৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত গুৱাহাটীৰ লতাশিল থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটীৰ জয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে চাবিৰ আলীক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

GTM Desk

Related