কৰিমগঞ্জত ১ কোটি ৭০ লাখ টকাৰ হেৰ’ইনসহ এজনক আটক

কৰিমগঞ্জত ১ কোটি ৭০ লাখ টকাৰ হেৰ’ইনসহ এজনক আটক
Hard drugs on dark table. Drug syringe and cooked heroin

ৰাতাবাৰী থানাৰ অন্তৰ্গত আনিপুৰ এলেকাৰ পৰা অভিযান চলাই ৪২৮ গ্ৰাম হেৰ’ইনসহ এজন সৰবৰাহকাৰীক আটক কৰে ২৯ নং অসম ৰাইফলছে। অসম ৰাইফলছৰ চোৰাংচোৱা বিভাগে ৰাতাবাৰী এলেকাৰ আনিপুৰত নিষিদ্ধ হেৰ’ইনৰ বেপাৰ চলি থকা বুলি খবৰ লাভ কৰে। সেই খবৰৰ ভিত্তিত অসম ৰাইফলছে ৰাতাবাৰী আৰক্ষীক লগতে লৈ অভিযান চলাই জানা কুমাৰ সিংহা (৪৭) নামৰ ব্যক্তিগৰাকীৰ পৰা ৪২৮ গ্ৰাম হেৰ’ইন জব্দ কৰে। যাৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৭০ লাখ টকা হ’ব বুলি অসম ৰাইফলছ সূত্ৰে জানিবলৈ দিয়ে। জব্দ কৰা হেৰ’ইনসহ জানা কুমাৰ সিংহাক ৰাতাবাৰী থানাত আনি সোধপোছ চলাই থকা হৈছে বুলি জানিব পৰা গৈছে। লগতে তেওঁৰ বিৰুদ্ধে এন ডি পি এছ এক্টৰ অধীনত গোচৰ ৰুজু কৰিছে তদন্ত আৰম্ভ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

GTM Desk