Advertisement

জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে ৰাজেন গোঁহায়ে

জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে ৰাজেন গোঁহায়ে

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহায়ে

৫ দিন দিল্লীত বাহৰ পতাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাত দিয়ে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক।

শ্বাহক সাক্ষাতৰ পাছতেই নতুন দিল্লীত গোহাঁয়ে সাংবাদিকক কয় যে, অমিত শ্বাহে তেওঁৰ মনৰ কথা শুনিলে। দলটো শক্তিশালী কৰাৰ স্বাৰ্থত শ্বাহৰ সৈতে মত বিনিময় হোৱাৰ কথাও তেওঁ সদৰি কৰে।

অৱশ্যে অমিত শ্বাহৰ এই সাক্ষাতৰ অন্তত পুনৰ কেবিনেট পদ ল’ব নেকি বুলি সুধাত সেয়া অস্বীকাৰ কৰে ৰাজেন গোহাঁয়ে। তেওঁৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়েও শ্বাহক অৱগত কৰে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিগৰাকীয়ে।

অমিত শ্বাহে হেনো জয়ন্ত মল্লক চিনি নাপাওঁ বুলিও ক’লে ৰাজেন গোহাঁইৰ সন্মুখত। সাংবাদিকক এই কথা ৰাজেন গোহাঁয়ে নিজ মুখে অৱগত কৰে।

Shahnawaz Hamza

Related