Advertisement

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানে বুৰালে চাৰিখন গাঁও

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানে বুৰালে চাৰিখন গাঁও

ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মাতমৰা আৰু পূব ঢকুৱাখনা পঞ্চায়ত দুখনৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰাৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ বানত বুৰ যোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ঢকুৱাখনা মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলীফুটা মথাউৰিৰ বাহিৰত ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে বসবাস কৰা বাঘচুুক, টুৰিবাৰী ইন্দুৰমুখ, বাহিৰ বান্দেনা, যোগীসুঁতি আদি কেইবাখনো গাঁৱৰ ৰাইজ বানৰ কবলত পৰি পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালসমূহত ৷ কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত সাধাৰণ কৃষিজীৱী পৰিয়ালসমূহৰ মাজত খাদ্যৰ সংকটে দেখা দিয়াৰ সমান্তৰালভাৱে পশুধনৰ খাদ্য, থকা ঠাই আদিৰ সমস্যাত গাঁওবাসীয়ে ককবকাই থাকিব লগা হোৱাৰ পিছতো বাতৰি যুগুত কৰা সময়লৈকে কোনো স্থানীয় গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি বা প্ৰশাসনৰ বানাক্ৰান্তৰ খবৰ ল’বলৈ আহৰি নোহোৱাত বন্যাৰ্তই ক্ষোভ প্ৰকাশ কৰিছে। তদুপৰি ৪/৫ দিন ধৰি টুৰিবাৰীত বানৰ প্ৰকোপ বেছি হোৱা বাবে গাঁওখনলৈ যাতায়াত আৰু যোগাযোগ বন্ধ হৈ পৰাত গাঁৱৰ মাজত থকা ইন্দুৰমুখ এন চি প্ৰাথমিক বিদ্যালয় বন্ধ ৰাখিব লগা পৰিস্থিতি হৈছে ৷

Shahnawaz Hamza

Related