নাজিৰাত জনজাতি কৰণ আৰু মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আটাছুৰ অৱস্থান ধৰ্মঘট

নাজিৰাত জনজাতি কৰণ আৰু মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আটাছুৰ অৱস্থান ধৰ্মঘট

আজি নাজিৰাৰ নাট্য মন্দিৰৰ সন্মূখত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰি ছয় জনগোষ্ঠীক শীৰ্ঘ্ৰে জনজাতি কৰণৰ মৰ্যদা প্ৰদান কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশ লঙ্ঘী মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় । প্ৰতিবাদকাৰী সকলে ” টাই আহোমক জনজাতিৰ মৰ্যদা প্ৰদান কৰক , নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰক , অসম চৰকাৰ হায় হায় আদি প্লেকাৰ্ড আৰু শ্ল’গান দি উত্তাল কৰি তোলে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই দাবী শীৰ্ঘ্ৰে কাৰ্যকৰী নকৰিলে ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।


নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk