Advertisement

সম্পূৰ্ণ নিয়ম-নীতিৰে উপবাস ৰাখিলেহে পূৰণ হয় মনোকামনা

হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি সপ্তাহৰ ৭টা দিনৰে নিজা গুৰুত্ব আছে। বিশ্বাস অনুসৰি, প্ৰতিটো দিনেই একো একোজন দেৱতাৰ দিন। দেওবাৰৰ দিনটো ভগৱান সূৰ্যৰ দিন।সূৰ্য ভগৱান হৈছে স্বাস্থ্য, জীৱন আৰু শক্তিৰ দেৱতা।যাৰ বাবে এই দিনটোত সূৰ্যৰ উপাসনা কৰিলে বিশেষ ফল লাভ কৰিব পাৰি বুলি বিবেচনা কৰা হয়।পিছে এই দিনটোত সূৰ্যক উপাসনা কৰাৰো কেতবোৰ নিয়ম আছে।আজি সেই বিষয়ে জানো আহক-

দেওবাৰে সূৰ্যৰ উপবাস কৰাটো খুবেই শুভ বুলি গণ্য কৰা হয়। এই উপবাসে মনৰ ইচ্ছাবোৰ পূৰণ কৰাৰ লগতে মানসিকভাৱেও শান্তি দিয়ে।পৌৰাণিক ধৰ্মীয় গ্ৰন্থসমূহত সূৰ্যক বিশেষ গুৰুত্ব দিয়া হৈছে।ইয়াৰ বাবে আপুনি দেওবাৰে ৰাতিপুৱা তামৰ পাত্ৰত অপ পানী আৰু চাউল লৈ সূৰ্য মন্ত্ৰ উচ্চাৰণ কৰি সূৰ্য দেৱতাক পানী আগবঢ়াব। ৰাতিপূৱা এনে কৰাৰ দ্বাৰা ভগৱান দেৱতা সুখী হয়।

দেওবাৰে উপবাসৰ সময়ত এইসমূহ দিশত মন দিব

দেওবাৰে উপবাস ৰাখিলে তেল আৰু নিমখ খোৱা পৰিহাৰ কৰিব। এই উপবাসত কেৱল এবাৰহে খাদ্য খাব পাৰি। উপবাস ভঙিবলৈ গুড়ৰ হালৱা, ঘেহুৰ দালিয়া বা ঘেহুৰ ৰুটীহে খাব পাৰি। যদি আপুনি সূৰ্যাস্তৰ আগতে খাদ্য খাব নোৱাৰে, তেন্তে পিছদিনা সূৰ্য্যোদয়ৰ বাবে অপেক্ষা কৰিব। এই নিয়মৰে উপবাস ৰাখিলেহে আপোনাৰ ইচ্ছাবোৰ সোনকালে পূৰণ হ’ব।

Shahnawaz Hamza

Related