১০ বছৰলৈ বিজেপিক নালাগে চৰৰ সংখ্যালঘুৰ ভোট…

১০ বছৰলৈ বিজেপিক নালাগে চৰৰ সংখ্যালঘুৰ ভোট…

‘লোকসভা’ৰ পূর্বে ড০ শর্মাৰ ঘোষণা

 

পৰিয়াল পৰিকল্পনা, বাল্যবিবাহ বন্ধ, কট্টৰতা পৰিহাৰৰ পিছতহে বিচাৰিব ভোট

 

অহা ১০ বছৰলৈ চৰ অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ভোট নালাগে বিজেপিক৷ এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰাঞ্চলত বিজেপিয়ে জনকল্যাণমূলক কাম কৰিব৷ চৰাঞ্চলৰ ৰাইজে আমাক সমর্থন কৰক৷ কিন্তু আমাক ভোট দিব নালাগে৷ আমাক সমর্থন দিয়াটোত আপত্তি নাই৷ নৰেন্দ্র মোদী জিন্দাবাদ দিয়ক, বিজেপি জিন্দাবাদ দিয়ক৷ কিন্তু নির্বাচন আহিলে ময়েই অনুৰোধ কৰিম- এইবাৰ আমাক ভোট নিদিব৷ যেতিয়া চৰাঞ্চলৰ ৰাইজে পৰিয়াল পৰিকল্পনা কৰিব, বাল্যবিবাহ বন্ধ কৰিব, কট্টৰতাৰ ওৰ পৰিব, তেতিয়াহে আমাক ভোট দিব৷ এই কামখিনি কৰোঁতে তেওঁলোকক ১০ বছৰ লাগিব ৷ ১০ বছৰৰ পাছত তেওঁলোকৰ ভোট বিচাৰিম ৷ কিন্তু এতিয়া নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মোক ভোট দিয়া মানুহৰ সন্তান ২–৩টাতকৈ বেছি হ’ব নোৱাৰিব৷ গতিকে সেইখিনি তেওঁলোকে ঠিক কৰি লওক৷ অৱশ্যে লাহে লাহে সেয়া ঠিক হৈ যাব৷ মোক ভোট দিয়া মানুহে নিজৰ ছোৱালীক স্কুললৈ পঠিয়াবই লাগিব, মোক ভোট দিয়া মানুহে বাল্যবিবাহ কৰাব নোৱাৰিব৷ এই চর্তসমূহ পূৰণ হৈ গ’লে ময়েই চৰলৈ গৈ ভোট বিচাৰিম৷ আনহাতে, চৰাঞ্চলৰ শিক্ষানুষ্ঠানৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষানুষ্ঠান আছে৷ ছাত্র–ছাত্রীৰ অভাৱতহে শিক্ষানুষ্ঠান সংলগ্ণ কৰিবলগীয়া হৈছে৷ সংখ্যালঘুৰ সন্তান বুলি যে পঢ়া–শুনা কৰিব নালাগে তেনে কথা নহয়৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত ৭খন নতুন কলেজৰ শুভাৰম্ভ কৰিবলৈ ওলোৱা প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই কলেজত সংখ্যাগুৰু ছাত্র–ছাত্রীয়েও অধ্যয়ন কৰিব৷ কিন্তু কলেজকেইখনৰ স্থান সংখ্যালঘু অধ্যুষিত অঞ্চল কৰা হৈছে৷ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রত সংখ্যালঘু–সংখ্যাগুৰু নহয়, মানৱতাৰ দৃষ্টিভংগীৰেহে চৰকাৰে কাম কৰি আহিছে৷

GTM Desk