চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত…

চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত…

ৰাজ্যৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা কে’বা শতাধিক কম্পিউটাৰ শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰৰ পৰা অব্যাহত ৰখা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি দ্বিতীয় দিনাও ৰূপায়ণ কৰে শিক্ষকসকলে ৷

মহানগৰীৰ চচলত অব্যাহত ৰখা প্ৰতিবাদ কাৰ্যসূচীত আজিও ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় কম্পিউটাৰ শিক্ষকে ৷

প্ৰতিবাদকাৰীৰ অভিযোগ , চৰকাৰে প্ৰতাৰণা কৰিছে শিক্ষকসকলক। শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ দাবী। অন্যৰ্থাই পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ নেতৃবৰ্গৰ ৷

GTM Desk