সংযুক্তা দত্তৰ ডিজাইনৰ অসমীয়া সাজ পৰিধানেৰে লেকমে ফেশ্বন উইকত শ্ব’ষ্টপাৰ আদা শৰ্মাৰ

সংযুক্তা দত্তৰ ডিজাইনৰ অসমীয়া সাজ পৰিধানেৰে লেকমে ফেশ্বন উইকত শ্ব’ষ্টপাৰ আদা শৰ্মাৰ

ফেশ্বন জগতৰ এক জনপ্ৰিয় নাম অসমৰ সংগীতা দত্তই লেকমে ফেশ্বন উইকৰ ৰাণৱেক নিজৰ অপূৰ্ব সৃষ্টিশীলতাৰে সজীৱ কৰি তুলিলে। এই ফেশ্বন শ্ব’ৰ শেষৰ দিনটোত SAPOON শীৰ্ষক এক মনোমোহা সংগ্ৰহেৰে সংযুক্তাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। বলীউডৰ অভিনেত্ৰী আদা শৰ্মাই ৰাণৱেত সংগীতাই ডিজাইন কৰা সাজ পৰিধান কৰি ৰেম্পত শোভা বঢ়াই দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

“SAPOON” শীৰ্ষক সংগ্ৰহত সংযুক্তাৰ স্বাক্ষৰ শৈলী প্ৰদৰ্শন কৰা হয়, য’ত অসমীয়া হস্তশিল্পক আধুনিকতাৰ সৈতে নিৰৱচ্ছিন্ন সানমিহলিৰে এক অনন্য দৃশ্যগত আখ্যানৰ সৃষ্টি কৰে ডিজাইনাৰ সংযুক্তাই। লেকমে ফেশ্বন উইকৰ ৰাণৱেত প্ৰদৰ্শিত তেওঁৰ এই সংকলনটোত ৰঙৰ সুষম সংযোজন, উত্তৰ পূৰ্বাঞ্চলৰ মটিফ আৰু প্ৰিন্টৰ সঠিক মিশ্ৰণ, জনগোষ্ঠীয় আৰু পূব-পশ্চিমৰ পৰিধানৰ মিলন দেখা পোৱা গ’ল। সংগীতাৰ ডিজাইনেৰে লেকমে ফেশ্বন উইকৰ ৰেম্পত মডেলৰ শৃংখলে এক অনন্য শোভা বঢ়াইছিল।

সাম্প্ৰতিক বিশ্বৰ প্ৰতিগৰাকী মহিলাৰ ইচ্ছাৰ সৈতে খাপ খাব পৰাকৈ সংযুক্তা দত্তই ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সংস্কৃতিৰ পৰা যি প্ৰেৰণা লাভ কৰিছিল, ইয়াক একধৰণৰ আৰ্হিৰে বস্ত্ৰলৈ ৰূপান্তৰ কৰিছিল।

অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই কয় যে ‘‘সপোনৰ সৈতে মই সংস্কৃতিৰ টেপেষ্ট্ৰীক আকোৱালি ল’ব বিচাৰিছিলো আৰু প্ৰতিটো চিলাইত বৈচিত্ৰ্যতাক নিৰৱচ্ছিন্নভাৱে বোৱাব বিচাৰিছিলো, ফেশ্বনক অতিক্ৰম কৰি বিশ্বব্যাপী হৃদস্পন্দনৰ সৈতে অনুৰণিত কাহিনী এটা ক’ব বিচাৰিছিলো। সংগ্ৰহটোৰ সকলোখিনিয়ে হৈছে সাহসী ৰং, জটিল ডিজাইন আৰু আকৰ্ষণীয় সৰলতা আৰু শৈলীৰ সৈতে মিহলি হোৱা অমূল্য পৰম্পৰা। অসমীয়া পৰম্পৰাক জীয়াই ৰখাৰ ইচ্ছা সদায় মোৰ হৃদয়ৰ মূলত আছে আৰু প্ৰগতিশীল সময়ৰ সৈতে জাতি-জনগোষ্ঠীৰ পৰম্পৰাক সংপৃক্ত কৰিলেহে পৰম্পৰাৰ বিকাশ ঘট।’’

আদা শৰ্মাই সংগীতাৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰি নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “বস্ত্ৰক কবিতালৈ ৰূপান্তৰিত কৰাৰ অসাধাৰণ প্ৰতিভা আছে সংযুক্তা দত্তৰ। তেওঁৰ সৃষ্টিসমূহ পিন্ধিলে শিল্পকৰ্ম এটাক মূৰ্ত কৰি তোলা যেন লাগে, যিটো আৱেগক মই গভীৰভাৱে লালন-পালন কৰিম।’’

ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ–পাৰ পূৰ্বেও বলীউডৰ কেইবাগৰাকী অভিনেত্ৰীয়ে পৰিধান কৰি লেকমে ফেশ্বন উইকৰ ৰেম্পত খোজ দি শোভা বঢ়াইছিল। বিশিষ্ট অভিনেত্ৰী হেমা মালিনীকে আদি কৰি বলীউডৰ আন কেইবাগৰাকী  অভিনেত্ৰী যেনে প্ৰিতী জিণ্টা, দিব্যা কুমাৰ, ঈশা দেওল, বিপাশা বাসু আদি।

GTM Desk

Related