থাইলেণ্ডৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ সর্পৰ চোৰাং বেহা

থাইলেণ্ডৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ সর্পৰ চোৰাং বেহা

“উত্তৰ প্রদেশৰ নয়দাৰ ছেক্টৰ–৪৯ত ৰেভ পার্টীৰ সৈতে জনপ্রিয় ইউটিউবাৰ তথা বিগ বছ খ্যাত এলভিছ যাদৱ সাঙোৰ খোৱাৰ পিছতেই তদন্তকাৰী আৰক্ষীয়ে সাপৰ চোৰাং বেহা আৰু সর্প-বিহক লৈ চলোৱা তদন্তত ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ সাপৰ চোৰাং বেহা আৰু সর্প বিহেৰে ড্রাগ্ছ প্রস্তুত কৰি ইয়াৰ বেহা চলাই থকাৰ বিস্ফোৰক তথ্য তদন্তকাৰী আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে ৷ তথ্য অনুসৰি, থাইলেণ্ডৰ পৰা বাংলাদেশ তথা নেপাল হৈ ভাৰতলৈ চলি আছে সর্পৰ চোৰাং বেহা ৷ সর্পৰ পৰা বিহ উলিয়াই ইয়াৰ পৰা ড্রাগ্ছ প্রস্তুত কৰি পিছলৈ ইয়াক দেশৰ বিভিন্ন প্রান্তত চোৰাংভাৱে বিক্রী কৰা হয়৷ এই চোৰাং সর্পৰ বেহাত জড়িতসকলে বিভিন্ন ধৰণৰ ক’ড ৱর্ড ব্যৱহাৰ কৰি আন্তর্জাতিক চোৰাং চক্র এটাৰ সৈতে জড়িত হৈ আছে৷ থাইলেণ্ডৰ পৰা ভাৰতলৈ সর্প-বিহ অহাৰ লগতে স্থানীয়ভাৱে ৰাজস্থান, গুজৰাট আৰু বেংগলতো এনেধৰণৰ সর্প-বিহৰ চোৰাং বেহা চলি আছে৷ মন কৰিবলগীয়া যে ইউটিউবাৰ যাদৱে ৰেভ পার্টীৰ জৰিয়তে সর্প-বিহ আৰু সর্পৰ ব্যৱসায়ৰ সৈতে জড়িত চক্রৰ সৈতে সম্পর্ক থকা বুলি বিজেপি সাংসদ তথা পৰিৱেশবিদ মানেকা গান্ধীয়ে অভিযোগ কৰাৰ উপৰি যাদৱক গ্রেপ্তাৰৰ দাবী জনাইছিল৷ নয়দাৰ ৰেভ পার্টীত ফেঁটীসহ ৯ডাল সাপ উদ্ধাৰ কৰা হৈছিল৷ তদন্তকাৰী আৰক্ষীয়ে সর্পৰ চোৰাং বেহাৰ তথ্য লাভ কৰাৰ পিছত সক্রিয় হৈ কালি ৰাজস্থানৰ কোটা আৰক্ষীয়ে এলভিছ যাদৱক গ্রেপ্তাৰ কৰিছে৷ বন্যপ্রাণী আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এলভিছৰ লগতে তেওঁৰ সহযোগী পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

GTM Desk