নাৰ্জী ফুলৰ খেতিৰে তিনিচুকীয়াত লক্ষাধিক টকা উপাৰ্জন এইজন যুৱকৰ

নাৰ্জী ফুলৰ খেতিৰে তিনিচুকীয়াত লক্ষাধিক টকা উপাৰ্জন এইজন যুৱকৰ

নাৰ্জী ফুলৰ খেতিৰে এটকাও বিনিয়োগ নকৰাকৈ এটা ছিজনত প্ৰায় ১ লাখ টকাতকৈও অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বাৰেকুৰিৰ পিংকু চেতিয়া নামৰ খেতিয়কজনে।

বজাৰত নাৰ্জী ফুলৰ চাহিদা বহুত হোৱা বাবে বাৰেকুৰি বৰগাঁৱৰ যুৱক পিংকুৱে নাৰ্জী ফুলৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হৈছে।

২০০৪ চনৰে পৰা পিংকুৱে নিজৰ বাৰীতে নাৰ্জী ফুলৰ খেতি কৰি পৰিয়াল পোহপাল দিছে।এতিয়া বাৰেকুৰিৰ বিভিন্ন ঠাইৰ লগতে পিংকুৰ বাৰীতো নাৰ্জী ফুলে নান্দনিক পৰিৱশৰ সৃষ্টি কৰিছে। নাৰ্জী ফুলৰ সৌন্দৰ্যই ওচৰ চুবুৰীয়া, পথচাৰীৰ কেৱল দৃষ্টি আকৰ্ষণ কৰাই নহয়, একপি ছেলফি উঠিবলৈ পিংকুৰ বাৰীত একাংশ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।পিংকুৱে জনোৱা মতে, এইবাৰ দীপাৱলীৰ পূৰ্বে বজাৰলৈ নাৰ্জী ফুলসমূহ বিক্ৰীৰ বাবে উলিয়াই দিব।

GTM Desk

Related