বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ’ল শিবু…

অৰুণাচল প্ৰদেশৰ ৰুকচিনৰ এখন পথাৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ৷ নিজ বন্ধুক দাৰে ঘপিয়াই মুণ্ডছেদ কৰি কটা মূৰ লৈ থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই ৷

জানিব পৰা মতে অৰুণাচল প্ৰদেশত খেতি কৰে শিবু বৈশ্য নামৰ ২২ বছৰীয়া যুৱকজনে। বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত অৰুণাচলতে খেতিৰ সূত্ৰে থকা অজয় দাস নামৰ ১৮ বছৰীয়া যুৱকজনক ৰুকচিনস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন ধাননি পথাৰত এখন চোকা অস্ত্ৰৰৰে ডিঙি কাটি মুণ্ডছেদ কৰে শিবুই।

ঘটনাৰ পিছতে অভিযুক্ত যুৱকজনে হত্যা কৰা যুৱকজনৰ কটা মূৰ হাতত লৈ ৰুকচিন আৰক্ষী থানাত প্ৰৱেশ কৰে। অৱশ্যে ঘটনাৰ কাৰণ বাতৰি সংগ্ৰহ সময়লৈক জানিব পৰা হোৱা নাই। এই ঘটনাৰ পিছতে এতিয়া অসম অৰুণাচল সীমান্ত ৰুকচিনত তীব্ৰ চাঞ্চল্যই সৃষ্টি হৈছে।

ইতিমধ্যে অভিযুক্ত যুৱকজনক ৰুকচিন আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

GTM Desk