৩০ দিনৰ বাবে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব এইখন দেশ
ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব মালেছিয়া। দেশখনৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে কয় যে, মালেছিয়াই ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে।
এই অনুসৰি চীন আৰু ভাৰতৰ নাগৰিকসকলক ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাকৈ ৩০ দিনৰ বাবে ভিচা নোহোৱাকৈ মালেছিয়া ভ্ৰমণ কৰিব পাৰিব। দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই এই কথা।
চীন আৰু ভাৰত হৈছে মালয়েছিয়াৰ ক্ৰমান্বয়ে চতুৰ্থ আৰু পঞ্চম সৰ্ববৃহৎ বজাৰ। চৰকাৰী তথ্য অনুসৰি, মালয়েছিয়াত এই বছৰ জানুৱাৰী আৰু জুনৰ ভিতৰত ৯.১৬ মিলিয়ন পৰ্যটকৰ আগমন হৈছে। ইয়াৰ ভিতৰত চীন পৰা ৪৯৮৫৪০ আৰু ভাৰতৰ পৰা ২৮২৮৮৫ গৰাকী।