কনিষ্ঠ ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ…

কনিষ্ঠ ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ…

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ঘটনা অনুসৰি কনিষ্ঠ ভাতৃৰ দাৰ ঘাপত জ্যেষ্ঠ ভাতৃয়ে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

উল্লেখযোগ্য যে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাত নিহত হোৱা লোকজনৰ নাম ৰাতনু মুণ্ডা বুলি জানিব পৰা গৈছে।

বাসগৃহৰ সন্মুখতে কনিষ্ঠ ভাতৃয়ে হত্যা কৰিছিল জ্যেষ্ঠ ভাতৃ ৰাতনু মুণ্ডাক। আনহাতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ অভিযুক্ত চালু মুণ্ডাক গ্রেপ্তাৰ কৰিছে। অৱশ্যে কি কাৰণে এনে অনাকাঙ্খিত ঘটনা সংঘটিত হ’বলৈ পালে,সেই সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে আহি পৰা নাই।

ইতিমধ্য আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অৱ্যাহত ৰখাৰ কথা জানিব পৰা গৈছে। ইফালে আৰক্ষীয়ে কৰায়ত্ব কৰা অভিযুক্ত তথা কনিষ্ঠ ভাতৃ চালু মুণ্ডাক সোধা-পোচাৰ বাবে আৰক্ষীৰ জিন্মাত ৰখাৰ কথা জানিব পৰা গৈছে।

Shahnawaz Hamza