নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো থমকি ৰোৱা নাই “শ্ৰী ৰঘুপতি”- অপেক্ষা এতিয়া সোমবাৰলৈঃ

নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো থমকি ৰোৱা নাই “শ্ৰী ৰঘুপতি”- অপেক্ষা এতিয়া সোমবাৰলৈঃ

কি প্ৰস্তুতি পৰাশৰ, কি ৰবি শৰ্মা, কি কপিল বৰা, কি দীপলিনা ডেকা! মনোৰঞ্জন ক্ষেত্ৰখনৰ অধিকাংশ অভিনেতা-অভিনেত্ৰী “শ্ৰী ৰঘুপতি” ৰ প্ৰিমিয়াৰত উপস্থিত থাকি ছবিখনক প্ৰশংসাৰে উপচাই পেলোৱাৰ সমান্তৰালকৈ দৰ্শক সকলক ছবিখন চাবলৈ আহ্বান জনাইছে। মৃদুলা বৰুৱা, যতীন বৰাকে আদি কৰি প্ৰস্তুতি পৰাশৰ, দীপলিনা ডেকা প্ৰিমিয়াৰত উপস্থিত থাকি সামাজিক মাধ্যমত ছবিখনক লৈ ইতিবাচক বাৰ্তাৰে উপচাই পেলাইছে। পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে এটি ভিডিঅ’ ৰ জৰিয়তে প্ৰিমিয়াৰত উপস্থিত সকলোৰে সাক্ষাৎকাৰ গ্ৰহণ কৰি ছবিখনৰ বিষয়ে সুধিছে। এইখিনিতে প্ৰমাণ হয়, ছবিখনক লৈ কেৱল ৰবি শৰ্মা অথবা ইয়াৰ নিৰ্মাতা গোষ্ঠীয়ে নহয়। ছবিখনে এক আলোড়ণৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।

ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত প্ৰতিগৰাকী অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক হতাশাত ভুগিছিল। কিয়নো ছবিখনৰ বাবে অপেক্ষা কৰি থকাৰ পৰা আৰম্ভ কৰি ছবিগৃহত এডভান্স বুকিং কৰালৈকে সকলো আছিল সক্ৰিয়, কিন্তু ন্যায়ালয়ৰ উক্ত আদেশৰ পিছত সকলো অনিশ্চয়তাত ভুগিছিল যদিও প্ৰিমিয়াৰৰ পিছতেই নিৰ্মাতা গোষ্ঠীয়ে এইক্ষেত্ৰত প্ৰদান কৰা স্পষ্টীকৰণে কিছু হ’লেও সকলোকে সকাহ প্ৰদান কৰিছিল। শেহতীয়াকৈ অহা খবৰ অনুসৰি, সোমবাৰে অৰ্থাৎ ৫ জুন ২০২৩ তাৰিখলৈকে ছবিখনৰ মুক্তি স্থগিত ৰখা হৈছে। সুদক্ষ পৰিচালনা, একচন চিকুৱেন্স, সংলাপ, চিত্ৰনাট্য, অভিনয় ইত্যাদিৰ বহুল প্ৰশংসা হৈছে ছ’চিয়েল মিডিয়াত।

ইমানদিনৰ অপেক্ষা দৰ্শকে কৰিছিল। এতিয়া আৰু ৰ’ব লাগিব এটা দিনৰ বাবে। সকলোৰে আশা “দৌৰি দৌৰি যাম, শ্ৰী ৰঘুপতি চাম।”

GTM Desk

Related