দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ জামিন আবেদনসোমবাৰে পুনৰ নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ জামিন আবেদনসোমবাৰে পুনৰ নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত চিছ’দিয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত ইতিপূৰ্বে বিচাৰ আদালতে জামিন নাকচ কৰি দিয়া আদেশক দিল্লী উচ্চ ন্যায়ালয়ে যুক্তিযুক্ত বিবেচনা কৰে আৰু এই আদেশ বাহাল ৰাখে।

অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰে আৰু চিছ’ডিয়া জামিনৰ অধিকাৰী নহয় বুলি নিশ্চিত কৰে।

উল্লেখ্য যে, চিছ’দিয়াৰ বিৰুদ্ধে আন এটা তদন্তকাৰী সংস্থা চিবিআই- এয়ো আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত তদন্ত চলাই আছে। চিবিআইৰ এই গোচৰতো যোৱা ৩১ মাৰ্চত বিচাৰ আদালতে চিছ’ডিয়াৰ জামিন আবেদন খাৰিজ কৰি তেওঁক এই গোচৰৰ প্ৰধান অভিযুক্ত বুলি অভিহিত কৰিছিল।

Shahnawaz Hamza

Related