ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো আৰু আৰু তাৰ পিছত..
প্ৰথমে ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো । ক্ৰমানে শাৰীৰিক সম্পৰ্ক স্থাপন । আৰু তাৰ পিছত …..
আহিছো আঁচল ঘটনালৈ । চাৰিজন নাবালাক, পঢ়াৰ বয়সত দেখিছে ধন ঘটনাৰ সপোনা । লাগে কম সময়ত গাড়ী ,আই ফোন । কিন্তু কম সময়ত ক’ত উপাৰ্জন কৰে ইমান টকা । কম সময়ত ধন ঘটাৰ লালসত নামিছে অপৰাধত।
অভিযোগ অনুসৰি, পাঁচজনীয় এটা চক্ৰৱে “গে ডেটিং এপ”ৰ জৰিয়তে প্ৰথমতে ছোৱালীৰ সৈতে হৈছিল চিনাকী তাৰ পিছত বন্ধুত্বপূৰ্ণ স্থাপন আৰু ক্ৰমণে তেওঁলোকক নিৰ্ধাৰিত স্থানত লগ কৰিবলৈ মাতি আনি স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক ৷ কেৱল শাৰীৰিক সম্পৰ্ক স্থাপন কৰায়ে নহয় । শাৰীৰিক সম্পৰ্ক স্থাপন কৰি কৰিছিল ভিডিঅ’ আৰু সেই ভিডিঅ’ ভুক্তভোগীক দি কৰিছিল ব্লেকমেইল । লুটিছিল লাখ লাখ টকা।
উল্লেখ্য যে, ভুৱনেশ্বৰ জ’ন দুই সহকাৰী আৰক্ষী আয়ুক্ত গিৰিজা চক্ৰৱৰ্তীয়ে সদৰী কৰা অনুসৰি, নতুন বাহন আৰু দামী মোবাইলৰ লোভত বাবে নামিছিল অপৰাধ কাৰ্যত । ভুক্তভোগীসকল লগ কৰিবলৈ মাতি আনি লৈ গৈছিল লিংগৰাজ থানা অঞ্চলৰ নিৰ্ধাৰিত স্থানলৈ আৰু তাত লৈ গৈ যৌন সম্পৰ্ক স্থাপন কৰিছিল লগতে কেইটাই ভিডিঅ’ কৰিছিল ৷ এই ভিডিঅ’ দেখুৱাই পিছত চক্ৰটোৱে তেওঁলোকক ব্লেকমেইল কৰিছিল।
আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অভিযান চলাই । অভিযান এটা বৃহৎ চক্ৰ উৎখাত কৰে । পাঁচজনীয় এটা চক্ৰ উৎখাত কৰে আৰক্ষীয়ে ইয়াৰে ৪জন আছিল নাবালাক ।
এই চক্ৰটোৰ মূল অভিযুক্ত গঞ্জাম জিলাৰ মনোজ ডোৰা বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তকেইটাৰ পৰা কেইবাটাও মোবাইল আৰু মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই দুই ভুক্তভোগীৰ পৰা মুঠ ১ লাখ ১০ হাজাৰ টকা লৈছে । ইফালে আৰক্ষীয়ে অভিযুক্তৰ পৰা ৩৪ হাজাৰ নগদ ধন, এটা আইফোন আৰু এখন বাইকসহ কেইবাটাও মোবাইল জব্দ কৰে ।
কেইদিনমান পূৰ্বে অভিযুক্তই এজন ভুক্তভোগীৰ পৰা ফোনপেৰ জৰিয়তে ধন লৈছিল । তাৰ পিচত এই চক্ৰটোৱে তেওঁক নিৰ্মমভাৱে মাৰপিট কৰি বেংক একাউণ্টৰ পৰা ধন উলিয়ায় । ভুৱনেশ্বৰ আৰু খোৰধাৰ দুই ভুক্তভোগীৰ লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে অভিযান চলাই এই চক্ৰটো ধৰা পেলায় ।
আৰক্ষীয়ে অভিযুক্ত এজনক আদালতত হাজিৰ কৰা বিপৰীতে চাৰি নাবালক অভিযুক্তক কিশোৰগৃহলৈ প্ৰেৰণ কৰে ।