ফলকনামা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, ৰে’লখনৰ তিনিটা ডবা আৱৰি ধৰে জুইয়ে

ফলকনামা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, ৰে’লখনৰ তিনিটা ডবা আৱৰি ধৰে জুইয়ে

ফলকনামা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড, ৰে’লখনৰ তিনিটা ডবা আৱৰি ধৰে জুইয়ে

শুকুৰবাৰে ইয়াদাদ্ৰী জিলাত সংঘটিত হয় এই ঘটনা। এই দুৰ্ঘটনাৰ পিছতে হাওৰাৰ পৰা ছিকন্দ্ৰাবাদলৈ যাবলগীয়া ৰে’ল বোম্মাইআলী গাঁৱৰ সমীপত ৰখাই দিয়া হয়। অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনৰ যাত্ৰীসকল দৈৱক্ৰমে ৰক্ষা পৰে। জুইয়ে আৱৰি ধৰাৰ পূৰ্বে সকলো যাত্ৰী ৰে’লৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।

শুকুৰবাৰে পুৱা তেলেংগানাৰ ইয়াদদ্ৰী ক্ৰছিঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈ লাভ কৰা হোৱা নাই।

GTM Desk