চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা ধন লোৱাৰ অভিযোগত…

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা ধন লোৱাৰ অভিযোগত…

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা দুই কোটি টকা লোৱাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰে লোকসভাই ৷

উল্লেখ্য যে,চৰকাৰক ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ বাবে বনিক গোষ্ঠীৰ পৰা সাংসদ পদ মহুৱা মৈত্ৰই ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ যাৰবাবে সংসদৰ এথিক্স কমিটিয়ে জেৰা কৰে মৈত্ৰক ৷ আনকি এথিক্স কমিটিকো চেলেন্স দিছিল বহুবল্কী সাংসদ গৰাকীয়ে ৷

ইতিমধ্যে এথিক্স কমিটিয়ে ‘CASH FOR QUERY’ গোচৰৰ প্ৰতিবেদন আজি সদনত দাখিল কৰাৰ পাছতে মৌখিক ভোটদান হয় ৷ ইয়াৰ পূৰ্বে চাৰি ডিচেম্বৰত এথিক্স কমিটিয়ে ‘CASH FOR QUERY ৰিপৰ্ট দাখিল কৰাৰ কথা আছিল ৷ কিন্ত সকলো উৎকণ্ঠাৰ অন্ত পেলাই সদনত আজি এথিক্স কমিটিয়ে দাখিল কৰে প্ৰতিবেদন ৷

এই সন্দৰ্ভত লোকসভাত হোৱা মৌখিক ভোটদানত মৈত্ৰৰ বিৰুদ্ধে অধিকাংশ সাংসদে অৱস্থান কৰাত লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাই মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, লোকসভাৰ এথিক্স কমিটিয়ে সদনত প্রতিবেদন দাখিলৰ সময়ত টিএম চি সহ বিৰোধী কিছু সংখ্যক সাংসদে সদন উত্তাল কৰাৰ প্ৰয়াস কৰিছিল ৷

আনহাতে লোকসভাৰ পৰা বহিস্কৃত হোৱাৰ পাছত সদনৰ বাহিৰত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে মহুৱা মৈত্ৰ ৷ এইয়া চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত এথিক্স কমিটিয়ে লোৱা এক হথকাৰী সিদ্ধান্ত ৷

GTM Desk

Related