বিজেপিক শোষণকাৰী আখ্যা দি আঞ্চলিক দল অভিমুখে ৰাজেন গোহাঁই
অচিৰে দল ত্যাগৰ তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতি এৰি গোহাঁয়ে আদৰি ল’ব বিচাৰিছে আঞ্চলিক ৰাজনীতিক।
গোহাঁয়ে তাৰেই ইংগিত দিলে ‘দৈনিক অগ্রদূত’ক। অৱশ্যে কোনটো আঞ্চলিক দলৰ মজিয়াৰ পৰা তেওঁ আগন্তুক দিনত নতুন ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব সেই তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে।
অৱশ্যে তেওঁৰ পছন্দৰ তালিকাত অসম গণ পৰিষদ নাই। উল্লেখ্য যে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ তথা নিজৰ লগত যোগাযোগ থকা পূব অসমৰ বিভিন্ন পৰ্যায়ৰ একাংশ নেতা- কর্মীৰ লগত গোহাঁই দীঘলীয়া আলোচনাত বহে। তিনিচুকীয়াৰ এখন হোটেলত অনুষ্ঠিত এই আলোচনাত ভাগ লোৱা নেতা-কর্মীসকল ৰাজ্যিক বিজেপিৰ প্ৰায় ১৩ খন সাংগঠনিক জিলাৰ লগত জড়িত। গোহাঁয়ে সদৰী কৰা অনুসৰি, আগন্তুক দিনত তেওঁ ৰাজ্যৰ আন আন জিলালৈও যাব আৰু তাৰ বাবে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ জিলাবোৰৰ নেতা- কর্মীসকলক আমন্ত্রণ জনাইছে।
ইপিনে, বিজেপি এৰি গোহাঁই কোন দলত যোগদান কৰিব সেয়া অন্য এক চর্চাব বিষয় হৈছে। শেহতীয়া চর্চা অনুসৰি, অসম জাতীয় পৰিষদৰ লগত গোহাঁইৰ এক যোগাযোগ স্থাপন হৈছে; কিন্তু গোহাঁয়ে যি নীতিৰে ইমান দিনে ৰাজনীতি কৰি আহিছে তাৰ লগত জাতীয় পৰিষদৰ আদৰ্শগত পার্থক্য আছে। তেনে ক্ষেত্ৰত গোহাঁইৰ যোগদানে ক্ষতি কৰাৰহে সম্ভাৱনা আছে বুলি বিষয়টো চাই থকা দলটোৰ দায়িত্ব প্রাপ্তসকলে আশংকা কৰিছে। সেয়েহে জাতীয় পৰিষদৰ পৰা গোহাঁয়ে এই পর্যন্ত সেউজ সংকেত পোৱা নাই যদিও যোগাযোগো বিচ্ছিন্ন হোৱা নাই।
ইয়াৰ মূলতে হ’ল ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিৰ প্ৰতি গঢ়ি উঠা তেওঁৰ হঠাৎ উদ্দ্গীৰণ হোৱা ক্ষোভ। সেই ক্ষোভৰ বহিঃপ্রকাশো ঘটে। ‘দৈনিক অগ্রদূত’ক তেওঁ কয়, ‘বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে। কি কংগ্ৰেছ, কি বিজেপি সকলো ৰাষ্ট্ৰীয় দলৰ মূল নীতি একে। অসমক শোষণেই তেওঁলোকৰ একমাত্র লক্ষ্য। অসমৰ একো লাভ হোৱা নাই, ক্ষতিহে হৈছে। হয়, মই বিজেপিৰ মঞ্চৰ পৰা চাৰিবাৰ সাংসদ -মন্ত্ৰী হৈছো।
সেই কৃতিত্ব কেৱল মোৰ বুলি মই বিশ্বাস কৰো। তাত কাৰো অৱদান নাই। নগাঁৱৰ দৰে সংসদীয় সমষ্টিত মই নিজৰ শক্তিৰে জিকিছিলো। এতিয়া মই উপলব্ধি কৰিছো, যুক্তিৰে ফহিয়াই এই সিদ্ধান্তত উপনীত হৈছো যে নিজৰ ৰাজ্যখনৰ বাবে কাম কৰিবলৈ আঞ্চলিক ৰাজনীতিয়ে একমাত্ৰ পথ ৷ আঞ্চলিকবাদ আমি কৰিবই লাগিব ৷
প্রসংগক্রমে উল্লেখ্য যে বিজেপিত থাকিও নেতৃত্বৰ প্ৰতি ক্ষুণ্ণ হোৱা একাংশ পুৰণি নেতাই অসম জনসংঘ নামৰ এটা বিকল্প দল গঠনৰ তৎপৰতাও চলাই আছে। ইয়াৰ অংশৰূপে প্ৰক্ৰিয়াটোৰ লগত জড়িতসকলৰ পাঁচখন বৈঠকো অনুষ্ঠিত হৈছে। অৱশ্যে ইয়াৰ লগত জড়িত থকা দলৰ দুজন সদ্য প্রাক্তন নেতা যুধিষ্ঠিৰ গগৈ আৰু ড° ভবেন মহনে শেহতীয়াকৈ এটা ৰাইজৰ দলত যোগ দিয়ে।
সূত্ৰৰ তথ্য অনুসৰি, ৰাইজৰ দলত যোগ দিয়া বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠনেতাদ্বয়ৰ কথাও সভাখনত উচ্চাৰিত হয়। গোহাঁয়ে এই প্রসংগতে আকৌ কয় যে বিজেপিত ক্ষুব্ধ নেতা-কর্মীব সংখ্যা বাঢ়ি গৈছে। নাম উল্লেখ নকৰাকৈ ড:হিমন্ত বিশ্ব শৰ্মালৈ ইংগিত কৰি তেওঁ কয় যে এইজন নেতাৰ কৰ্মকাণ্ডৰ বাবেই আজি অসম ৰাজ্যিক বিজেপিত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাই জিলাই ক্ষোভ বিয়পি পৰিছে।
ক্ষুব্ধ নেতা-কর্মীসকলে সেয়েহে বিকল্প পথ বিচাৰিছে। তেওঁৰ আগত ক্ষোভবোৰ প্ৰকাশ কৰিছে। আজিও তেনেদৰে কৰে। গোহাঁয়ে কয়, ‘মই ক্ষোভবোৰ শুনিছো; কিন্তু তেওঁলোকক কোনো সিদ্ধান্ত দিয়া নাই। এই ধৰণৰ বিষয়ত সিদ্ধান্ত এটা দিয়াতো ইমান সহজ নহয়। মানুহবোৰৰ মাজত বিকল্প পথ যি যুক্তি বেছিকৈ উচ্চাৰিত হয়, সেই ফালেই নিশ্চয় যাব লাগিব।’