৫ মহীয়া শিশুক যৌন নিৰ্যাতন চলোৱা ফুকন বড়োক যাৱজীৱন কাৰাদণ্ড…

৫ মহীয়া শিশুক যৌন নিৰ্যাতন চলোৱা ফুকন বড়োক যাৱজীৱন কাৰাদণ্ড…

অত্যন্ত পাশবিকতাৰে পাঁচ মহীয়া কন্যা সন্তানক যৌন নিৰ্যাতন কৰা অভিযুক্ত ফুকন বড়োক দোষী ঘোষণা কৰিলে নগাঁও আদালতে। এই জঘণ্য অপৰাধৰ বাবে ৬০ বছৰীয়া ফুকন বড়োক আজি যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।

উল্লেখ্য যে, ফুকন বড়োৱে চুবুৰীয়াৰ পাঁচ মহীয়া কন্যা সন্তানটিক যৌন নিৰ্যাতন চলাইছিল যোৱা মে’ মাহত। কচুৱা আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং ৪১/২০২৪ ৰ বিপৰীতে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক। সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্বত আছিল ডি এছ পি পৰিমিতা সৰকাৰ।

আৰক্ষী বিষয়া পৰিমিতা সৰকাৰে ক্ষীপ্ৰতাৰে তদন্ত চলাই ৬০ দিনৰ ভিতৰত সমগ্ৰ তথ্য প্ৰমান জমা দিয়ে। যোৱা ২৪ মে’তে ফুকন বড়োক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতৰ জৰিয়তে কাৰাগাৰালৈ নিক্ষেপ কৰিছিল।

নগাঁৱৰ পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ইস্পিতা বৰঠাকুৰে তিনি মাহৰ ভিতৰত সমগ্ৰ তথ্য পাতি চালি জাৰি চায় স্পৰ্শকাতৰ এই ঘটনাৰ আজি ৰায় দান কৰে। আদালতে ফুকন বড়োক কচুৱা মাজগাঁৱৰ পাঁচ মহীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱা ঘটনাৰে জড়িত থকাৰ প্ৰমান পোৱাত যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।

GTM Desk