সু-খবৰ! ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব ৫৭ দেশ

সু-খবৰ! ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব ৫৭ দেশ
শেহতীয়াকৈ হেনলী পাচপৰ্ট ইনডেক্সে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৯খন দেশৰ ভিতৰত ভাৰতীয় পাছপ’ৰ্টে ৮০ সংখ্যক স্থান দখল কৰে। ২০২২ত এই একেটা প্ৰতিষ্ঠানেই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় পাছপ’ৰ্টৰ স্থান আছিল ৮৫ ।পাছপ’ৰ্ট সূচাংক প্ৰকাশ কৰা এই প্ৰতিষ্ঠানতোৰ তথ্য অনুসৰি ভাৰতৰ লগতে চেনেগাল আৰু টগো দেশৰ পাছপ’ৰ্টেও ৮০ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়।
ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে এতিয়া ইণ্ডোনেচিয়া, ৰুৱাণ্ডা, থাইলেণ্ড, জামাইকাকে আদিকে ধৰি ৫৭ খন দেশত ভিচা নোহোৱাকৈ অথবা নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাৰ পাছতো ভিচা লৈ যাত্ৰা কৰিব পাৰিব।কিন্তু বৰ্তমানেও জাপান,ইংলেণ্ড,ৰাছিয়া আদিৰ দৰে পৃথিৱীৰ ১৭৭ খন দেশত বৰ্তমানেও ভাৰতীয় লোকসকলে ভিচা অবিহনে প্ৰৱেশ কৰিব নোৱাৰে।
উল্লেখনীয় যে সুদীৰ্ঘ পাঁচবছৰে জাপানৰ পাছপ’ৰ্টে শীৰ্ষস্থান দখল কৰি থকাৰ পাছত এইবাৰ চিংগাপুৰৰ পাছপ’ৰ্টে জাপানক পিছ পেলাই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। চিংগাপুৰৰ পাছপ’ৰ্টধাৰীসকলে এতিয়া বিশ্বৰ ১৯২ খন আন্তৰাষ্ট্ৰীয় স্থানলৈ ভিচা অবিহনে যাত্ৰা কৰিব পাৰিব।
ভিচা অবিহনে যাত্ৰা কৰিব পৰা আন্তৰাষ্ট্ৰীয় স্থানৰ সংখ্যা কমি যোৱাৰ ফলত জাপানৰ পাছপ’ৰ্ট স্থান তৃতীয় স্থানলৈ অৱনমিত হয়। প্ৰায় এটা দশক ধৰি শীৰ্ষস্থান অধিকাৰ কৰি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাচপৰ্টে পূৰ্বতে থকা দুই স্থানত প্ৰৱেশাধিকাৰ হেৰুৱাই অষ্টম স্থানলৈ অৱনমিত হয়।ইয়াৰ বিপৰীতে ব্ৰিটিছ পাছপ’ৰ্টে চতুৰ্খ স্থান দখল কৰিবলৈ সক্ষম হয়। মাত্ৰ ২৭ টা স্থানত বিনা ভিচাৰে প্ৰৱেশৰ অনুমতিৰে সদৌ শেষত থাকে আফগানিস্তানৰ পাচপৰ্ট।

GTM Desk