কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে’ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহিছে জে . কোচৰ আদালতে । উল্লেখ্য যে ভুক্তোভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা
Author: GTM Desk
ঘৰত বনকৰা হিচাপে নাবালক-নাবালিকা নিয়োজিত কৰা লোকসকলৰ বিৰুদ্ধে গুৱাহাটী জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ বচপন বচাও আন্দোলন’ নামৰ সামাজিক সন্থাটোৰ অভিযোগৰ ভিত্তিত সংগঠনটোৰ সহযোগত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বশিষ্টপুৰত অৰ্তকিতে এক অভিযান চলাই ৷ বশিষ্ঠপুৰৰ চাৰি নং বাইলেনৰ ঘৰ নং ৬০ (এ)ৰ অনুপম ৰোহিত নামৰ ব্যক্তিজনৰ ঘৰত অভিযান
মহানগৰীৰ হাতীগাঁৱত দুটি শিশুক যৌন নির্যাতন চলোৱা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। একেটা চৌহদতে ভাৰাতীয়া হিচাপে থকাৰ সুযোগ লৈ দুটি শিশুক শুকুৰ আলীয়ে প্রায় এমাহ ধৰি যৌন নির্যাতন চলাই আহিছিল। শিশু দুটিৰ মাতৃয়ে এই কথা জানিব পাৰি হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি
ৰাজপথত চেইন-মোবাইল থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা চোৰৰূপী যুৱতীগৰাকী অৱশেষত আজি আৰক্ষীৰ জালত পৰে। পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী ৰুঞ্জুমা বেগম। উল্লেখ্য যে কিছুদিন পূৰ্বে গান্ধীবস্তি পথত মোবাইল চুৰি কৰি পলায়ন কৰিছিল যুৱতীগৰাকীয়ে। ধৃত যুৱতীগৰাকীয়ে কিছুদিন পূৰ্বে ৰিহাবাৰীতো চেইন থপিয়াই নিছিল। মহানগৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা যুৱতীগৰাকীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম
মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মঙলবাৰে দুৰ্বৃত্তই ভেটাপাৰাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্রেণীৰ ছাত্রক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল। ছাত্রজনৰ মুক্তিপণ হিচাপে ৭ লাখ টকা দাবী কৰিছিল দুৰ্বৃত্তই। কিন্তু বুধবাৰে মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ। বোন্দাত এজন পূজাৰীয়ে ছাত্ৰগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। তাৰপাছতেই পোহৰলৈ আহে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ কথা।