নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–গুৱাহাটীৰ শিলপুখুৰীস্থিত পঞ্চৱতীত বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰাক “ক্ৰান্তিকাল সাহিত্য সন্মান-২০২৩” প্ৰদান কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড°হীৰেন গোহাঁই, বিশিষ্ট সাহিত্য সমালোচক প্ৰদীপ আচাৰ্য আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই ধনী বৰাক এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ
Author: GTM Desk
“আপেক্ষিকতা য’ত থাকে সেয়াই গল্প”—জয়ন্ত মাধৱ বৰুৱা নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–“অসমীয়া ভাষা আৰু সাহিত্য বৰ্তমান সংকটৰ সন্মুখত আছে। ৪৭শতাংশ মানুহেহে অসমীয়া ভাষা কয়। যদি এই অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ২০শতাংশ হয় তেতিয়া আৰু অসমীয়া কিতাপ-পত্ৰৰ প্ৰয়োজন নহ’ব। তেতিয়া অকল অসমীয়া ভাষাটো মানুহৰ মুখে মুখে চলি থাকিব কম বেছি পৰিমাণে।”—-এই মন্তব্য সাহিত্য
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–ৰবিবাৰে ১৪ জুলাই। কলংপৰীয়া কবি নৱকান্ত বৰুৱাৰ বিয়োগৰ দিন। ২০০২ চনত কবি গৰাকীৰ কায়িক বিদায়ৰ পাছৰপৰা নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত প্ৰতিবছৰে উদযাপিত হৈ আহিছে দলঙত কবিতা। দলঙত কবিতা অনুষ্ঠানৰ উদ্যোক্তা বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াই কলঙৰ বুকুত কবিতা উটুৱাই আৰম্ভ কৰা অনুষ্ঠানত
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে নগাঁৱৰ কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিজন হৈছে কলিয়াবৰ মহকুমাৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা। পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা সুজিৎ জ্বৰত ভুগি আছিল। স্থানীয় চিকিৎসকৰ
নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো ৰাজ মেধিৰ সোঁৱৰণত ১৪দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালা আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সমাজখনত বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই সময়ত বহু শিশু,কিশোৰ অবাটে গৈছে । কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ