নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা আৰম্ভ

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সংস্কৃতি নৃত্য,গীত বাদ্যৰ অপূৰ্ব সমাহাৰ স্বৰূপ সত্ৰীয়া নৃত্যৰ চৰ্চাৰ বাবে বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত ৰবিবাৰৰ পৰা পৰা ২৪ জুলাইলৈ সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ এখনি কৰ্মশালাৰ আৰম্ভ কৰা হৈছে । গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আয়োজিত কৰ্মশালাখনি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ,বৈষ্ণৱ মাৰ্গীয় সাহিত্যিক তথা নিৰলস সত্ৰীয়া কৃষ্টিৰ সাধক গজেন ৰাজখোৱাই । বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই কয় যে গুৰুজনাৰ আদৰ্শক অনুকৰণ কৰি সংস্কৃতি জীয়াই ৰাখিব লাগিব নতুন প্ৰজন্মই । আজিৰ নতুন প্ৰজন্মই নিৰলস সাধনাৰ মাজেৰে সত্ৰ কৃষ্টিক জীয়াই ৰখাৰ প্ৰয়াস চলাব লাগিব বুলি লগতে মন্তব্য কৰে । উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা,উপদেষ্টা দিব্যজ্যোতি বৰুৱা,শিক্ষক দিলীপ কুমাৰ নাথ, আলিপুপুৰী শাখা সাহিত্য সভাৰ সম্পাদক হৰি নাৰায়ণ কোঁৱৰ, শিল্পী উপেন গায়ন,ৰাজীৱ মহন্ত, মুন ভূঞাঁ,লক্ষ্যজিৎ শইকীয়া,কবি কবিন পাটৰ,নাৰায়ণ দাস,শিল্পী জগন্নাথ কলিতা,নিতু মণি দেৱী, তৃতীষা ভৰালী,অৰ্পণা কলিতা, সমাজকৰ্মী মোহন বৰুৱা,ৰাকেশ বনিককে ধৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক-অভিভাৱিকা উপস্থিত থাকে । বাতৰি লিখা সময়লৈকে কৰ্মশালাখনিত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছে বুলি উদ্যোক্তাসকলে জনাইছে । উল্লেখ্য যে কৰ্মশালাখনিত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষকৰূপে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ লক্ষ্যজিৎ শইকীয়া প্ৰশিক্ষণ প্ৰদান কৰিব । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk