বিশ্বনাথ জপৌবাৰাী চহিদ মাংৰী ওৰাং মৈযদানত হুল দিৱস পালন…

বিশ্বনাথ জপৌবাৰাী চহিদ মাংৰী ওৰাং মৈযদানত হুল দিৱস পালন…

 

বিশ্বনাথৰ জপৌবাৰীস্থিত চহিদ মাংৰী ওৰাং মৈয়দানত বিশ্বনাথ আদিবাসী সমাজে হুল দিৱস পালন কৰে ৷১৮৫৫ চনৰ পৰা এই হুল দিৱস ৩০ জুন তাৰিখে পালন কৰে ৷এই হুল দিৱস বৃটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আদিবাসীসকলৰ শৌৰ্য্য গাথাঁ আৰু বলিদানক স্মৰণ কৰা হয়৷বৃটিছৰ বিৰুদ্ধে ভগদেশ গাৱঁৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত ৫০০০০ হাজাৰ আদিবাসী কান্তিকাৰীয়ে বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আগবাঢ়ি আহিছিল আৰু এই বিদ্ৰোহত সিধু আৰু কানু মুৰ্মুৰ পৰিয়ালৰ সকলো সদস্যই যোগদান কৰিছিল ৷ সিধু আৰু কানু মুৰ্মুক ফাচীঁ দিয়া হৈছিল নিজৰ দেশৰ মাটটৰ বাবে বিদ্ৰোহ কৰাত আৰু ২০০০০ হাজাৰ আদিবাসী কান্তিকাৰীয়ে বলিদান দিছিল ৷সেয়ে এই দিনটো হুল দিৱস হিচাপে আদিবাসী সমাজে পালন কৰি আহিছে ৷আজি এই দিৱসটি বিশ্বনাথ আদিবাসী সমাজে পালন কৰি বলিদান আৰু শৌৰ্য্যগাথাঁ স্মৰণ কৰে ৷উক্ত অনুষ্ঠানত আদিবাসী আইকণ লক্ষ্মী ওৰাং আৰু আদিবাসী টাইগাৰ খ্যাত ৰাজেন ওৰাংআদি কৰি আদিবাসী সমাজৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

GTM Desk