বীৰ হনুমান কেনেদৰে হল ইমান বলশালী
হনুমানৰ মাকৰ নাম অঞ্জনা,বায়ুদেৱতাৰ ফালৰপৰা হনুমানৰ জন্ম হল।তেওঁ জন্ম হৈছিল এটা গুহাৰ ভিতৰত।
মাকে এদিন ফল মূল বিচাৰি গুহাৰ বাহিৰলৈ যাঁওতে হনুমান ভোকত আতুৰ হৈ পৰিল।গুহাৰ বাহিৰলৈ আহি পকা ফলৰ দৰে উদিত সূৰুযক দেখা পালে।তাকে আনি খোৱাৰ হেঁপাহেৰে জাপ মাৰি বহু যোজন ওপৰলৈ উঠিল।পিতৃ বায়ুদেৱে কথাটো লক্ষ্য কৰি আছিল।সূৰ্য্যমণ্ডলৰ কাষত সৰু লৰা ভষ্ম হৈ যাব বুলি আংশকা কৰি তেওঁ বায়ুমণ্ডল শীতল কৰি তুলিলে।সূৰ্য্যদেৱেও পুতৌ কৰি উত্তাপ কমাই ৰাখিলে।সেইদিনা আকৌ সূৰ্য্য গ্ৰহণৰো দিন আছিল।সেয়েহে ৰাহুৱে সূৰ্য্যক গিলিবলৈ আহি আছিল,বাটত ৰাহুক লগ পায় হনুমানে প্ৰথমে তেওঁকে আক্ৰমণ কৰিলে।ৰাহু ভয়ত পলাই গৈ ইন্দ্ৰৰ শৰণাপন্ন হলগৈ।ইন্দ্ৰয়ো ঐৰাৱতত উঠি হনুমানক ব্ৰজেৰে আঘাত কৰিলে।আঘাত পাই হনুমান পৰ্বতৰ শিখৰত সৰি পৰিল।হনু অৰ্থাত,গালত আঘাত পোৱা বাবে..তেওঁৰ নাম হনুমান হল..