ঘৰলৈ উভতাৰ পথত বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

ঘৰলৈ উভতাৰ পথত বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাওঁৰ আব্দুৰ ৰহিমৰ পুত্ৰ ছফিকুল ইছলাম কৰ্ম সূত্ৰে আঢ়ৈ মাহ পূৰ্বে তামিলনাডুৰ ত্ৰিপুৰ নামৰ ঠাইত যায়। কিন্তু যোৱা ১৪ জানুৱাৰী তাৰিখত বন্ধু সকলোক ঘৰলৈ উভতি অহাৰ কথা কৈ তাৰ পৰা যাত্ৰা কৰে। ওচৰতে থকা খুড়ায়্কৰ পৰা ঘৰলৈ আহিব বুলি টকা খুজি লয় আৰু তাৰ পৰা ঘৰলৈ ৰাওনা হয়।
দুদিন মান ঘৰৰ পৰা যোগাযোগ কৰিব পাৰিছিল যদিওঁ পিছত মোবাইল অফ হয় আৰু তাৰ পিছত আজিলৈকে ছফিকুলৰ লগত যোগাযোগ কৰিব পৰা নাই। আজিলৈকে ছফিকুল ঘৰলৈ নহাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। পিতৃয়ে জানিব দিয়া মতে ছফিকুল অতি সৰল সহজ প্ৰকৃিতৰ লৰা আছিল। সেয়ে প্ৰশাসন তথা কোনো সদাশয় ব্যক্তিয়ে যদি ছফিকুলৰ সন্ধান পায় তেন্তে স্থানীয় আৰক্ষী তথা পিতৃৰ ৮১৩৪৮৭৬১৪২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam