জানেনে বেঙেনাক মগজুৰ খাদ্য বুলি কয় , বেঙেনা নাখায় নেকি আপুনি ?

জানেনে বেঙেনাক মগজুৰ খাদ্য বুলি কয় , বেঙেনা নাখায় নেকি আপুনি ?

বেঙেনা কিয় খাব লাগে ??

বেঙেনাক বিভিন্ন উপমাৰে অলংকৃত কৰা হৈছে যেনে:- পাচলিৰ ৰজা, মগজুৰ খাদ্য, পাচলিৰ কণী ইত্যাদি।
কিয়নো বেঙেনা কিমান উপকাৰী শুনিলে আপোনাৰ চকু কপালত উঠিব।

বেঙেনা ৰ উপকাৰী গুণাগুণ সমূহ :-
১) বেঙেনা ত প্ৰাকৃতিক ভাবে সমৃদ্ধ হৈ থাকে প্ৰচুৰ পৰিমাণৰ ফাইট’ নিউত্ৰীয়েন্টছ । সেই বাবেই বেঙেনা খালে উৰু কেন্সাৰ, কলন কেন্সাৰ আৰু প্ৰষ্টেট কেন্সাৰ ৰোগৰ পৰা দূৰত থাকিব পাৰি।

২) ১০০ গ্ৰাম বেঙেনা ত মাত্ৰ ২৫ গ্ৰাম কেলৰি থাকে। লগতে বেঙেনা ত পানী আৰু ফাইবাৰৰ পৰিমাণ অধিক মাত্র ত থাকে । সেয়ে বেঙেনা খালে মেদবহুলতা ৰ পৰা ৰক্ষা পাব পাৰি।

৩) বেঙেনাত পটাচিয়াম, ভিটামিন B6 আৰু ফ্লাৱানয়ডছ থাকে সেয়ে হৃদযন্ত্র ৰ পৰিপুষ্টিৰ বাবে বেঙেনা লাভজনক। তেজৰ চাপ নিয়ন্ত্ৰণ কৰাৰ উপৰিও কলেষ্টৰল কমে বেঙেনা খালে।

৪) বেঙেনা ত প্ৰচুৰ পৰিমানে এন্টী অক্সিডেন্ট থাকে ফলত তেজৰ শিৰা উপশিৰাৰ তেজৰ চলাচল সুগম কৰি হাৰ্ট এটাক ৰোধ কৰিব পাৰে।

৫) ডায়েবেটিচ থকা লোকে খাব পৰা এবিধ ভাল পাচলি বেঙেনা। ইয়াত চুগাৰ ৰ পৰিমাণ অতি নগণ্য।

৬) বেঙেনা ত থকা ফাইটো নিউত্ৰীয়েন্টছ সমূহে মগজুৰ কোষক পৰিপুষ্টি প্ৰদান কৰে। মগজুৰ চিন্তা শকতি বৃদ্ধি হোৱাৰ উপৰিও স্মৃতি শক্তিৰ বাবে বেঙেনা উত্তম। সেয়ে বেঙেনাক “মগজুৰ খাদ্য” বুলি জনা যায়।

৭) ছালৰ সৌন্দৰ্য বঢ়াব পাৰে বেঙেনাই।

৮) বেঙেনাত সামান্য পৰিমাণৰ নিকটিন থাকে বাবে যদিহে কোনোবাই চিগাৰেট খোৱা অভ্যাস এৰিব বিচাৰে এই বেঙেনা খালে তেওঁ চিগাৰেট এৰাৰ সহায়ক হয়।

9) কোষ্ঠ কাঠিন্য সমস্যা থাকিলে বেঙেনা খাব লাগে।

১০) চুলি অকালতে পকা, চুলি বেছিকৈ সৰিলে বেঙেনা খাব লাগে।

১১) দেহত কিডনী পাথৰ নোহোৱাকৈ থাকিবলৈ বেঙেনা খাব লাগে।

2020-11-11

GTM Desk

Related