প্ৰথমে কাজিয়া, তাৰ পিছত নিৰ্বিচাৰ গুলীচালনা, সহকৰ্মীৰ গুলীত মৃত্যু ৫জন BSF জোৱানৰ

প্ৰথমে কাজিয়া, তাৰ পিছত নিৰ্বিচাৰ গুলীচালনা, সহকৰ্মীৰ গুলীত মৃত্যু ৫জন BSF জোৱানৰ

সহকৰ্মীৰ সৈতে কাজিয়া, আৰু তাৰ পিছত মাৰণাস্ত্ৰেৰ ধাৰাসাৰ গুলীবৰ্ষণ। এই ঘটনা সংঘটিত হ’ল অমৃতসৰত। সহকৰ্মীৰ গুলীত মৃত্যু হ’ল ৫জন বি এছ এফ জোৱানৰ। দেওবাৰে পুৱা এই ঘটনা সংঘটিত হয় পঞ্জাবৰ অমতসৰৰ খাসা গাঁৱত। জানিব পৰা মতে, এই ঘটনাত আহত হৈছে আন কেইবাজনো জোৱান। আক্ৰমণকাৰী বিএছএফ জোৱানজনৰো মৃত্যু হৈছে।

খাসাৰ বিএছএফ মেছত সত্তেপাৰ নামৰ এজন কনিষ্টবলে আন জোৱানক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে। এতিয়ালৈ এই ঘটনাত ৫জন বিএছএফ জোৱানৰ মৃত্যু হৈছে। তেওঁলোকৰ নশ্বৰদেহ হাস্পতাললৈ নিয়া হৈছে।

কি কাৰণত কনিষ্টবলজনে গুলীচালনা কৰিলে সেয়া তদন্ত কৰি থকা হৈছে। প্ৰত্যক্ষদৰ্শী কেইবাজনো জোৱানৰ দাবী, দেওবাৰে পুৱা কোনো বিষয়ক লৈ সহকৰ্মীৰ সৈতে কাজিয়া আৰম্ভ হয় সত্তেপাৰৰ। সেই কাজিয়া চলি থকাৰ সময়তে হঠাৎ মাৰণাস্ত্ৰৰে গুলীচালনা কৰে জোৱানজনে।

এই ঘটনা সম্পৰ্কত বিএছএফৰ ফালৰ পৰা বিবৃতি জাৰি কৰি কোৱা হৈছে, ‘‘৬ মাৰ্চত খাসাত এখ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। কনিষ্টবল সত্তেপাৰৰ গুলীত শ্বহীদ হৈছে ৫জন জোৱান। অভিযুক্ত কনিষ্টবলজনৰো মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে এজন জোৱান। ঘটনাৰ উচিত তদন্ত কৰা হ’ব।’’

GTM Desk

Related