গোৱালপাৰাৰ গজাপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুজনৰ। দুৰ্ঘটনাত মৃত্যুমুখত পৰে ৰাষ্ট্ৰীয় ফুটবলাৰ মনজিত ৰাভা। দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ফুটবলাৰ মনজিত ৰাভা (Footballer Manjit Rabha) আৰু কুৰবান আলী নামৰ লোকজন। ৰাভা এজন ফুটবল খেলুৱৈ হোৱাৰ লগতে কুৰবান আলী আছিল শিক্ষক। আনহাতে
Category: Assamese News
গুজৰাটৰ গান্ধীনগৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে অশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ৷ ধৰ্ষণ গোচৰত ভুক্তভোগীক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈও কোৱা হয় আদালতৰ নিৰ্দেশত ৷ স্বয়ম্ভূ ভগৱান আশাৰাম বাপুৱে এগৰাকী মহিলাক ২০০১ চনৰ পৰা ২০০৬ চনলৈ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল ৷ নিজকে ভগৱান বুলি দাবী কৰা আশাৰাম
ভাৰতত বিদ্যুৎচালিত যান-বাহনৰ জনপ্ৰিয়তা আৰু চাহিদা দিনক দিনে বৃদ্ধি পাইছে । বিগত দুবছত দেশত বৈদ্যুতিক বাহনৰ বিক্রী যথেষ্ট বৃদ্ধি পালে। যান- বাহন ব্যৱসায় বিশেষজ্ঞই প্রকাশ কৰা অনুসৰি, পেট্ৰ’ল আৰু ডিজেলৰ দৰে ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ ফলত এতিয়া বিকল্প ইন্ধনচালিত বাহন হিচাপে বৈদ্যুতিক গাড়ী আৰু দুচকীয়া বাহনৰ চাহিদা দেশজুৰি বৃদ্ধি পাইছে ।
অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান (আইন-শৃংখলা) ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া জ্ঞানেন্দ্র প্রতাপ সিঙে আজি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই নবনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীক তেঁওৰ দায়িত্বভাৰ অৰ্পণ কৰে। ২০১৯ বৰ্ষৰ ৩০ নবেম্বৰত আৰক্ষী সঞ্চালকপ্রধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰা ভাস্কৰজ্যোতি
প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক’বলৈ উলাইছোঁ মা সতীৰ দেহৰ অংগ য’ত য’ত পৰিছিল ।তাত অৱস্থিত বা তাত বনোৱা শক্তিপীঠ বা মন্দিৰবোৰৰ বিষয়ে। আদি শক্তিপীঠৰ সংখ্যা চাৰিটা বা চাৰিখন বুলি কোৱা হয়।কালীকা পুৰাণত শক্তিপীঠৰ সংখ্যা ২৬ বুলি কোৱা হয়। শিৱচৰিত্ৰৰ মতে শক্তিপীঠৰ সংখ্যা ৫১ আৰু তন্ত্ৰ চূৰামণি মাৰ্কেন্দ্ৰীয় পুৰাণৰ মতে