ঠাণ্ডাত বা শীতকালত আমি কি ভুল পৰিহাৰ কৰা উচিত জানো আহক। গৰম পানীৰে গা ধোৱাঃ বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা বতৰত দীঘলীয়া সময়ৰ বাবে গৰম পানীৰে গা ধোৱাতো স্বাস্থ্যৰ বাবে ভাল নহয়। ই আমাৰ শৰীৰ আৰু মন দুয়োকে বিৰূপভাৱে প্ৰভাৱিত কৰে। দৰাচলতে, গৰম পানীয়ে কেৰাটিন নামৰ ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যিয়ে ছালত খজুৱতি,
Category: Assamese News
মানুহৰ যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে বয়সৰ লগত৷ বয়স বাঢ়ি আহিলে স্বাভাৱিকতেই সলনি হয় মানুহৰ যৌৱন, ৰূপ লাৱন্য৷ বয়সৰ ওপৰত যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে যদিও কিছুমান নিয়ম মানি চলিলে তাক কিছু পৰিমাণে নিয়ন্ত্ৰনত ৰাখিব পাৰি৷ কিন্তু বহুতেই এনেধৰণৰ নিয়ম মানি নচলে৷ ফলত কম বয়সতে বহুতৰ ৰূপ লাৱন্য ম্লান পৰে৷
বয়স বৃদ্ধিৰ লগে লগে বাৰ্ধক্য অহাটো স্বাভাৱিক৷ কিন্তু কিছুমান বদ্অভ্যাসে মানুহক বয়সৰ পূৰ্বেই বাৰ্ধক্যৰ পিনে ঠেলি দিয়ে৷ তেনে বদ্অভ্যাসসমূহ এৰিব পাৰিলে তাৰুণ্য অটুট ৰাখিব পৰা যায়৷ ছাল সোতৰা-সোতৰ হোৱা, সোনকালে ভাগৰ লগা, চুলি পকা, ওজন কঢ়িয়ালে বিষ অনুভৱ কৰা আদি বয়সৰ পূৰ্বেই বৃদ্ধ হোৱাৰ লক্ষণ৷ বিশেষজ্ঞসকলৰ মতে এইবোৰ বদ্অভ্যাসে মানুহক
আপোনাৰ শিশুটিয়ে আকস্মিকভাৱে শ্বাস-প্ৰশ্বাসত কষ্ট পাইছেনে নেকি? শিশুৱে সাধাৰণতে এলাৰ্জি আৰু এজ্মাজনিত সমস্যাত ভুগিলে শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে৷ আনহাতে সামান্য জ্বৰ উঠাৰ বাবেও শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে শিশুটিয়ে৷ আনহাতে নিউমোনিয়াত ভুগিলেও শিশুটিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে৷ শিশুৰ হঠাৎ শ্বাস কষ্ট হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে আপুনি ঘৰতে কেইটামান সাৱধানতা
মোবাইল এতিয়া সকলোৰে বাবে অপৰিহাৰ্য আহিলাত পৰিণত হৈছে৷ দৈনন্দিনৰ সকলো কাম-কাজ এতিয়া মোবাইল নহ’লে অচল৷ ঘৰত থাকিয়েই সকলো কাম সমাধান কৰিব পৰাৰ মাধ্যমত পৰিণত হৈছে মোবাইল৷ দিনটোৰ বেছিভাগ সময়েই মানুহ এতিয়া মোবাইল নিৰ্ভৰশীল হৈ পৰিছে৷ প্ৰাপ্তবয়স্কৰ পৰা কণমানি শিশুলৈকে মোবাইলৰ প্ৰভাৱ সৰ্বগ্ৰাসী হৈ পৰিছে৷ বিশেষকৈ ক’ভিডজনিত পৰিস্থিতিয়ে সৃষ্টি কৰা আতংকই