নিশা বিহালীৰ বুৰৈঘাটত অঘটন। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীক মহটিয়াই নিয়ে দ্ৰুতবেগী যাত্ৰাবাহী ৰেলে।ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটো । এই শোকাৱহ ঘটনাটো যোৱা নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় বিশ্বনাথ জিলাৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বিহালীৰ বুৰৈ ঘাটত। উল্লেখযোগ্য যে দৈনিক খাদ্যৰ
Category: Assamese News
হিন্দু ধৰ্মত গায়ত্রী মন্ত্ৰক সকলো মন্ত্ৰ’তকৈ শ্ৰেষ্ঠ আৰু প্ৰসিদ্ধ মন্ত্ৰ বুলি মানি অহা হৈছে.. গায়ত্ৰী মন্ত্ৰ কেৱল পূজাৰ সাধনেই নহয়.. বৰঞ্চ ই চয়ং-আৰাধনাৰো মাধ্যমে..।।। এই সংসাৰত একমাত্র সূৰ্য্য দেৱতাকেই দেখা পোৱা-দেৱতা বুলি কোৱা হয়… সূৰ্য্যদেৱতাৰ মহত্ব দৰ্শোৱা গায়ত্রী মন্ত্ৰ ফাঁকি হল- ওঁ ভূভৰ্ৱ স্বঃ তৎসৱিতুবৰেণ্যং ভৰ্গো দেৱস্য ধীমহি… ধিয়ো য়োজন
১৯৪৮ চনত স্থাপিত ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ে পৰবৰ্তী সময়ত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰ্তমান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত ৭৫ বছৰ অতিক্ৰম কৰিলে। সেই উপলক্ষে আয়োজিত বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগন্তুক ৯, ১০ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত হব। ৯ ডিচেম্বৰৰ ৰাতিপুৱা ৮-৩০ বজাত বিদ্যালয়ৰ পতাকা
ইউনিচেফৰ সহযোগত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পিছ ষ্টাডিজ (চি ডি পি এছ)ৰ উদ্যোগত তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে “ শিশুৰ অধিকাৰ সুৰক্ষা — বিটিআৰত আইন প্ৰণেতাৰ ভূমিকা’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কৰ্মশালা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে
বিগত ১০ বছৰত মুম্বাইত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ১৩০ শতাংশ বৃদ্ধি পাইছে। ২০১৩ত দেশৰ আগশাৰীৰ বাণিজ্য নগৰী খনত ৩৯১টা ধর্ষণ সংক্রান্তীয় অভিযোগ নথিভুক্ত হৈছিল। ইয়াৰ তুলনাত, ২০২২ত এই সংখ্যা বৃদ্ধি পাইছে ১০১ টালৈ। আনহাতে, শ্লীলতাহানিৰ সংখ্যা বৃদ্ধি পাইছে ১০৫ শতাংশ ৷ ২০১৩ ত শ্ললতাহানিৰ নথিভুক্ত সংখ্যা আছিল ১১৩৭টা; কিন্তু ২০২২ত এই