Category: Assamese News

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

বিশাখাপত্তনম আৰু ত্ৰিবান্দ্ৰমৰ পিছত ২৮ নৱেম্বৰত T-20ৰ ধামাকাৰ বাবে সাজু গুৱাহাটী

কাইলৈ অৰ্থাৎ ২৮ নৱেম্বৰত গুৱাহাটীৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T-20 মেচ। শৃংখলাখনত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কেংগাৰু বাহিনীক ৪৪ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। ইপিনে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা মেচৰ বাবে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়

৩০ দিনৰ বাবে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব এইখন দেশ

৩০ দিনৰ বাবে ভিচা অবিহনেই ভ্ৰমণ কৰিব পাৰিব এইখন দেশ

ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব মালেছিয়া। দেশখনৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে কয় যে, মালেছিয়াই ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি চীন আৰু ভাৰতৰ নাগৰিকসকলক ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাকৈ ৩০ দিনৰ বাবে ভিচা নোহোৱাকৈ মালেছিয়া ভ্ৰমণ কৰিব পাৰিব। দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই এই কথা। চীন

গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰিবৰ বাবে এইবাৰ লোৱা হৈছে এক বিশেষ পদক্ষেপ, ফাঁচীবজাৰৰ হোলচেল মাৰ্কেট কৰা হ’ব স্থানান্তৰ

গুৱাহাটীৰ যান-জঁট হ্ৰাস কৰিবৰ বাবে এইবাৰ লোৱা হৈছে এক বিশেষ পদক্ষেপ, ফাঁচীবজাৰৰ হোলচেল মাৰ্কেট কৰা হ’ব স্থানান্তৰ

গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন স্থানান্তৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে। মন্ত্ৰী সিংঘালে সাংবাদিকৰ আগত আজি এই মন্তব্য কৰিছে। পল্টনবজাৰৰ শ্ৰীশ্ৰী মহামায়া থানৰ হনুমান মন্দিৰ শুভাৰম্ভৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংঘালে। অনুষ্ঠানৰ

অনুষ্কাৰ অপমৃত্যুৰ বাবে দায়ী কোন? প্ৰেমিক ৰাহুল, জুনু নে ভাৰাঘৰৰ মালিক?

অনুষ্কাৰ অপমৃত্যুৰ বাবে দায়ী কোন? প্ৰেমিক ৰাহুল, জুনু নে ভাৰাঘৰৰ মালিক?

দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল প্ৰেমিক ৰাহুল। CCTVত ধৰা পৰিছে ৰাহুল অনুষ্কাৰ ৰূমলৈ যোৱাৰ দৃশ্য। মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে

এইবাৰ ডীপফেকৰ চিকাৰ আলিয়া ভাট!

এইবাৰ ডীপফেকৰ চিকাৰ আলিয়া ভাট!

কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা দীপফেক ভিডিঅ’, য’ত অভিনেত্ৰী ৰশ্মিকা মান্দানাক এখন লিফ্টত প্ৰৱেশ কৰা দেখা গৈছিল। কৃত্ৰিম বুদ্ধিমত্তা খটুৱাই প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি দুষ্টচক্ৰই প্ৰস্তুত কৰিছিল এই ভিডিঅ’। যাক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আন এগৰাকী যুৱতীৰ ভিডিঅ’ত প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি ৰশ্মিকা মান্দানাৰ মুখমণ্ডল লগোৱা হৈছিল।