নিউজ ব্যুৰ’,নগাঁও,১৫অক্টোবৰ:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰাইডঙীয়া অঞ্চলৰ দুগৰাকী বিশিষ্ট সমাজকৰ্মী,শিল্পপ্ৰাণ প্ৰয়াত মিত্ৰদেৱ মহন্ত আৰু নৱজ্যোতি বৰা স্মৃতিচাৰণ অনুষ্ঠানটি ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে ৰাইডঙীয়া ৰাজহুৱা মঞ্চত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰাইডঙীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি নৱ কমল ৰাজা আৰু নামাচাৰ্য গোলাপ কলিতাই ।
Category: Assamese News
ফেশ্বন জগতৰ এক জনপ্ৰিয় নাম অসমৰ সংগীতা দত্তই লেকমে ফেশ্বন উইকৰ ৰাণৱেক নিজৰ অপূৰ্ব সৃষ্টিশীলতাৰে সজীৱ কৰি তুলিলে। এই ফেশ্বন শ্ব’ৰ শেষৰ দিনটোত SAPOON শীৰ্ষক এক মনোমোহা সংগ্ৰহেৰে সংযুক্তাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। বলীউডৰ অভিনেত্ৰী আদা শৰ্মাই ৰাণৱেত সংগীতাই ডিজাইন কৰা সাজ পৰিধান কৰি ৰেম্পত শোভা বঢ়াই দৰ্শকৰ প্ৰশংসা
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাতো অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী । বাক্সাৰ মুছলপুৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰণগৌৰা নাৰ্জাৰী । বাক্সাৰ ১২৪ খন বিদ্যালয়ৰ ৬৭৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ চাইকেল বিতৰণ কৰা হয় । মুছলপুৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল বিতৰণ
মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী যুৱক। ২০০৮ চনত যুৱকজনে মানকাচৰত কৰিছিল প্ৰৱেশ । মিজানুৰ ৰহমান নামৰ যুৱকজনৰ ঘৰ বাংলাদেশৰ কুম্ভিৰগ্ৰাম জিলাত। মানকাচৰৰ ভুৰাকটাত বিবাহ পাতি স্থায়ীভাৱে কৰিছিল বসবাস। ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ডো বনাইছিল মিজানুৰে। আৰক্ষীৰ তদন্তৰ ভিত্তিত আটক মিজানুৰ ৰহমান।
মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাণীগেটৰ বিএছ এফ চাউনিৰ সন্মুখৰ পথেদি তীব্ৰবেগত আহি থকা ট্ৰাকে এখনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা। আনহাতে আহত আনজন ব্যক্তিক জিএম চি এইছলৈ লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে গুৰুত্বৰভাৱে আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক ৷