CBI য়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক

CBI য়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷ এটা পুৰণি গোচৰৰ ভিত্তিত দেওবাৰে বিয়লি CBI য়ে তালাচী চলাই গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত ৷

এছকাৰ্ড বেংকৰ এটা ঋণ কেলেংকাৰীৰ গোচৰ আছিল শইকীয়াৰ বিৰুদ্ধে ৷ 202/98 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল এটি গোচৰ । 2001 ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ । CBI ৰ কলিকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু হৈছিল । অৱশেষত CID য়ে গ্ৰেপ্তাৰ কৰিলে ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰক ৷

GTM Desk