কনিষ্টবলক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতে ভৰিত লাগিল আৰক্ষীৰ গুলী, ডবকাত ড্ৰাগছ ব্যৱসায়ী

কনিষ্টবলক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতে ভৰিত লাগিল আৰক্ষীৰ গুলী, ডবকাত ড্ৰাগছ ব্যৱসায়ী

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৰূপে জি পি সিঙে দায়িত্ব গ্ৰহণৰ দিনটোতেই ডবকাত আৰক্ষীৰ এনকাউন্টাৰ৷ এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ ভৰিলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা৷ গুলীচালনাত শ্বৰিফ উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ীজন আহত হোৱাৰ বিপৰীতে চুজন নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডবকা আৰক্ষী আৰু হোজাইৰ ক্ৰাইম ব্ৰাঞ্চে৷

ঘটনাৰ বিৱৰণী অনুসৰি, আজি সন্ধিয়াৰ ভাগত ডবকা-নীলবাগানৰ মাজত নাহৰগাঁও কেঞ্চীবজাৰ নামৰ ঠাইত চাৰি ড্ৰাগছ ব্যৱসায়ী থকাৰ খবৰ পাই ডবকা আৰক্ষী আৰু হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে যুটীয়াভাৱে অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই চাৰি ড্ৰাগছ ব্যৱসায়ীৰ দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বিপৰীতে দুজনক আৰক্ষীয়ে আটক কৰে৷

আটকাধীন শ্বৰিফ উদ্দিনে আৰক্ষীৰ কনিষ্টবল এজনক আক্ৰমণ কৰি পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে শ্বৰিফৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত আহত হোৱা শ্বৰিফ উদ্দিনক ততাতৈয়াকৈ ডবকা হাস্পতালত আৰু তাৰ পিছত নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷

ইপিনে আৰক্ষীয়ে এইসকলৰ পৰা ২০ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে দুখনকৈ বাইক জব্দ কৰে৷ পলায়ন কৰা দুয়ো ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে ৷ আটক হোৱা দুয়োৰে ঘৰ ডবকা নাহাৰ গাঁৱত৷ পলাতক অভিযুক্ত দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

GTM Desk

Related