কণী খালে কলেষ্টেৰল বৃদ্ধি হয় নেকি? গৱেষণাত নতুন তথ্য

কণী খালে কলেষ্টেৰল বৃদ্ধি হয় নেকি?  গৱেষণাত নতুন তথ্য

বহু লোকৰ আহাৰত নিয়মীয়াকৈ কণী থাকে। বহুতো মানুহে পুনৰ কণী খাই কলেষ্টেৰল বৃদ্ধি কৰাৰ চিন্তাক লৈও বিভ্ৰান্ত হয়। অধিক কণী (Egg) খোৱাটো ভাল নহয় নেকি ? শেহতীয়া গৱেষণাই কি কয় !

কণীত ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট, প্ৰ’টিন আৰু চৰ্বি থাকে ! ইয়াৰ ফলস্বৰূপে কেৱল পুষ্টিকৰ খাদ্যই নহয়, লগতে সবল আৰু সুলভ হোৱাৰ বাবে বহু লোকৰ আহাৰত নিয়মীয়া কণী থাকে।

সমীক্ষাৰ  ফলাফলসমূহ :
শেহতীয়া এক অধ্যয়নত দেখুওৱা হৈছে যে কণী খোৱাটো হৃদৰোগৰ আশংকাৰ সৈতে সিমান সম্পৰ্কিত নহয় যিমান বুলি ভবা হয়। অৱশ্যে এই বিষয়ে এতিয়াও যথেষ্ট বিতৰ্ক চলি আছে। বহু লোকে ভাবে যে কণী হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। অৱশ্যে, কণীত কলেষ্টেৰলৰ পৰিমাণ নিঃসন্দেহে আন বহুতো খাদ্যতকৈ অধিক, কিন্তু লগতে উপকাৰী জৈৱসক্ৰিয় যৌগ আৰু অন্যান্য ৰোগ-প্ৰতিৰোধী পুষ্টি (Healthy Lifestyle) থাকে।

গৱেষণা আৰু ইয়াৰ পৰৱৰ্তী বিশ্লেষণত দেখা গৈছে যে কণীয়ে হৃদৰোগ যেনে প্ৰদাহ, ধমনী কঠিন হোৱা, আৰু উচ্চ কলেষ্টেৰলৰ স্তৰৰ বাবে আমাৰ বিপদাশংকা বা বিপদাশংকাৰ কাৰক বৃদ্ধি কৰিব নোৱাৰে। দেখা গৈছে যে উচ্চ কাৰ্বোহাইড্ৰেট ৰাতিপুৱাৰ আহাৰৰ সৈতে তুলনা কৰিলে, জলপানত ২ টা কণী খালে তেজৰ কলেষ্টেৰলৰ স্তৰৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ নপৰে।

আনকি ডায়েবেটিচ থকা ব্যক্তিয়ে প্ৰতি সপ্তাহত ৬-১২ টা কণী খালেও হৃদৰোগৰ আশংকা বৃদ্ধি নহয়। বৰঞ্চ, ই উচ্চ ঘনত্বৰ লাইপোপ্ৰ’টিন বৃদ্ধি কৰে, যাক ভাল কলেষ্টেৰল বুলি কোৱা হয় । আনহাতে অন্যান্য গৱেষণাত কণী খোৱা আৰু কলেষ্টেৰলৰ স্তৰ আৰু দীৰ্ঘম্যাদী ৰোগ আৰু মৃত্যুৰ অন্যান্য বিপদাশংকাৰ মাজৰ সম্পৰ্ক লক্ষ্য কৰা হৈছে।

দৰাচলতে বৰ্ধিত কলেষ্টেৰলৰ স্তৰ হৃদৰোগৰ সৈতে সম্পৰ্কিত । কিয়নো কলেষ্টেৰল অধিক থকা খাদ্যত সংপৃক্ত চৰ্বি আৰু ট্ৰেন্সফেট অধিক থাকে, ফাইবাৰ কম, আৰু লগতে উচ্চ কেলৰি থাকে। আকৌ  অন্যান্য উচ্চ-কলেষ্টেৰল খাদ্যৰ সৈতে কণী খোৱাৰ ফলত কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক।

আপুনি প্ৰতিদিনে কিমানটা কণী খাব পাৰে ?
আনুবংশিকতা, পাৰিবাৰিক ৰোগৰ ইতিহাস, কণী ৰন্ধাৰ পদ্ধতি, আহাৰত অন্যান্য খাদ্য, এই সকলোবোৰ কাৰক প্ৰতিদিনে কিমানটা কণী খাব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাই দেখুৱাইছে যে যদি স্বাভাৱিক কলেষ্টৰেলৰ স্তৰ আৰু হৃদৰোগৰ কোনো আশংকা নাথাকে, তেন্তে এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্কই দিনে ১-২ টা কণী খাব পাৰে। অৱশ্যে, ব্যক্তিৰ ক্ষেত্ৰত এই পৰিমাণ কম বা বেছি হ’ব পাৰে। তেনে ক্ষেত্ৰত শাৰীৰিক অৱস্থা বিবেচনা কৰি, পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি কণী খাব লাগে ।

GTM Desk

Related